29 C
Guwahati
Wednesday, October 13, 2021
More

    জুবিনপ্ৰেমীলৈ সুখবৰ, আজি ICUৰ পৰা কেবিনলৈ জুবিন গাৰ্গ

    বিহুৰ সময়ত জুবিনৰ অনুষ্ঠান দুপৰ নিশালৈ নাৰাখি সোনকালে শেষ কৰিবলৈ অসমবাসীক আহ্বান ডাঃ হিতেশ বৰুৱাৰ

    কেইবাদিনো ধৰি নেমকেয়াৰ হাস্পতালৰ ICUত চিকিৎসাধীন হৈ থকা জুবিন গাৰ্গক আজি অনা হয় কেবিনলৈ। জুবিন এতিয়া প্ৰায় সুস্থ। পিছে আৰু এসপ্তাহ মান কেবিনত ৰখাৰ পৰামৰ্শ চিকিৎসকৰ।

    জুবিনক সাক্ষাৎৰ ক্ষেত্ৰত বাধা আৰোপ চিকিৎসকৰ। কেবিনলৈ আনিলেও কিন্তু জুবিনক সাক্ষাৎ কৰিব নোৱাৰিব সাধাৰণ লোকে। নিৰ্দিষ্ট লোকেহে নিৰ্দিষ্ট সময়ত কৰিব পাৰিব সাক্ষাৎ।

    বৰ্তমানে চিকিৎসালয়ত চিকিৎসা চলি থকা জুবিনে পশ্চিমবংগৰ জনপ্ৰিয় শিল্লী নচিকেতাকে ধৰি কিশোৰ কুমাৰ আৰু অন্য প্ৰিয় শিল্পীৰ গীত শুনি আছে। নিশা টোপনি আৰু খোৱা খাদ্যও নিয়মিতভাৱে কৰিছে জুবিনে।

    নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই জানিবলৈ দিয়ে জুবিনৰ সুস্থতাৰ বিষয়ে। আনহাতে ডাঃ বৰুৱাৰ অসমবাসীলৈ আহ্বান, বিহুৰ সময়ত জুবিনৰ অনুষ্ঠান দুপৰ নিশালৈ নাৰাখি সোনকালে শেষ কৰক।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং