18 C
Guwahati
Sunday, December 4, 2022
More

    মৰি গ’লেও মই ৰাজনীতিত ভৰি নিদিও- জুবিন গাৰ্গ

    ভৱিষ্যতে ধনেৰে সহায় আগবঢ়ালেও, আন্দোলন অব্যাহত ৰাখিলেও ৰাজনীতি নকৰে

    বৰ্তমানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰাকৃতিক সৌন্দৰ্য উপভোগত ব্যস্ত জুবিন গাৰ্গ। পিছে কাজিৰঙাতো বিকল্প ৰাজনৈতিক দলক লৈ জুবিন গাৰ্গে কৰিলে মন্তব্য। জুবিনে কলে, বিকল্প ৰাজনৈতিক দল খোলাটো সহজ কথা নহয়। ইয়াৰ বাবে প্ৰয়োজন এক বৃহৎ পৰিমানৰ ধনৰ। ভৱিষ্যতে ধনেৰে সহায় আগবঢ়ালেও, আন্দোলন অব্যাহত ৰাখিলেও পিছে মৰি গ’লেও প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ নকৰে৷

    নাগৰিকত্ব আইন বিৰোধী আন্দোলনক লৈও সৰৱ জুবিন। কাজিৰঙাত শিল্পীগৰাকীয়ে ক’লে CAA বিৰোধী আন্দোলন অব্যাহত থাকিব। পৰীক্ষা সমূহ চলি থকা বাবেই বৰ্তমানে বন্ধ ৰখা হৈছে আন্দোলন। কিন্তু ইয়াৰ মানে এইটো নহয় যে আন্দোলনৰ পৰা পিছুৱাই গৈছে। নিশা কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ দাঁতিকাষৰীয়া ধনশিৰি ইক’ কেম্পত এই মন্তব্য কৰে জুবিনে গাৰ্গে।

    Photo And Visual: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং