23 C
Guwahati
Friday, May 20, 2022
More

    ‘কা’ক লৈ ৰাষ্ট্ৰসংঘই টুইট কৰাৰ পিছত মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জুবিন গাৰ্গৰ

    মৰমৰ সৰ্বানন্দ সোণোৱাল দা, আপুনি আমাক পাহৰি যাওক। পাহৰি যাওক সমুজ্জ্বল ভট্টাচাৰ্য, হীৰেন গোঁহাই ছাৰ, অখিল গগৈক, জুবিন গাৰ্গক

    নাগৰিকত্ব সংশোধনী আইনক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই। এক টুইট যোগে ৰাষ্ট্ৰসংঘই ‘কা’ৰ সন্দৰ্ভত কৈছে এনেদৰে- ”এটা কথাই আমাক উদ্বিগ্ন কৰি তুলিছে যে ভাৰতৰ নতুন নাগৰিকত্ব সংশোধনী আইনখন মৌলিকভাৱে বৈষম্যমূলক আৰু ভেদাভেদপূৰ্ণ। ভাৰতৰ উচ্চতম ন্যায়ালয়ক লৈ আমি আশাবাদী উচ্চতম ন্যায়ালয়ে ভাৰতীয় লোকৰ মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সাৱধানতাৰে আইনৰ বিচাৰ কৰিব।”

    ৰাষ্ট্ৰসংঘৰ এই টুইটৰ পিছতেই জুবিন গাৰ্গে ফেচবুকযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ অনুৰোধ জনাই এনেদৰে কয়- ”মৰমৰ সৰ্বানন্দ সোণোৱাল দা, আপুনি আমাক পাহৰি যাওক। পাহৰি যাওক সমুজ্জ্বল ভট্টাচাৰ্য, হীৰেন গোঁহাই ছাৰ, অখিল গগৈক, জুবিন গাৰ্গক। এয়া চাওক ৰাষ্ট্ৰসংঘেও ‘কা’ই আমালৈ বিপদ মাতিব বুলি কৈছে। এয়া কোনো কৌতুক নহয়। সৰ্বাদা এবাৰ মাত্ৰ এবাৰ আপুনি মোডী আৰু অমিত শ্বাহৰ সন্মুখত এই বিষয়ে কওক। এয়া শেষ হ’বই লাগিব।”

    Dear Sarbananda Sonowal Da, forget us. Forget Samujjal Da or Hiren Gohain Sir or Akhil or anyone. Forget Zubeen Garg….

    Posted by Zubeen Garg on Friday, 27 December 2019

    জুবিন গাৰ্গে নিজা ফেচবুক পেজত পোষ্টটো লিখি ৰাষ্ট্ৰসংঘৰ টুইটটোৰ লিংক দিয়াৰ লগতে হেশ্বটেগ দি লিখিছে- #WeOpposeCAA
    #AssamRejectsCAA

    Photo Credit: @ZUBEENsOFFICIAL

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং