27 C
Guwahati
Thursday, September 29, 2022
More

    তথাকথিত শিল্পী অজয় ফুকনৰ বিৰুদ্ধে আক্ৰমণাত্মক জুবিন

    শিল্পী সমাজক আমি দি আছো নেতৃত্ব, অজয় ফুকন কোন?

    নিজকে শিল্পী বুলি জহাই ফুৰা তথাকথিত শিল্পী অজয় ফুকনৰ বিৰুদ্ধে গৰজি উঠিছে জুবিন গাৰ্গ। জুবিনে নিজৰ ফেচবুক একাউন্টৰ জৰিয়তে তুলাধুনা দিছে অজয় ফুকনক। ফুকনৰ শেহতীয়া কৰ্ম কাণ্ডক লৈ অস্বস্তিত পৰা জুবিন গাৰ্গে ৰাইজক অজয় ফুকনক বৰ্জন কৰিবলৈ ফেচবুক একাউন্ট যোগে জনালে বিশেষ আহ্বান।

    ফেচবুক একাউন্টৰ বাহিৰে জুবিনে এক অনুষ্ঠানতো ৰসিকতাৰ মাজতে অজয় ফুকনক বৰ্জনৰ আহ্বান। যোৱা নিশা হাজোৰ কুলহাটীত চিয়াংক লৈ জুবিন গাৰ্গৰ আছিল এক সংগীতানুষ্ঠান। তাতেই অজয় ফুকনৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে জুবিন গাৰ্গ। “অজয় ফুকন কোন? অজয় ফুকন শিল্পী সমাজৰ একো নহয়। ৰাইজৰ আগত শিল্পী সমাজৰ সভাপতি বুলি কৈ ফুৰিছে অজয়ে। মই ভাল পোৱা নাই তাৰ কথা এনেকৈ ন’হব আৰু। অজয় ফুকনৰ কোনো অনুষ্ঠানত যাব নালাগে ৰাইজ। শিল্পী সমাজক আমি দি আছো নেতৃত্ব, অজয় ফুকন কোন? মোৰ ৪৭ বছৰ বয়স ইমান বছৰ গান গালো আৰু ৪০ বছৰ গান গাম।” এইদৰে অজয়ৰ বিৰুদ্ধে কৈ উঠে জুবিনে।

    জুবিন গাৰ্গে নিজ ফেচবুক একাউন্টত লিখিছে, এয়া এক বিশেষ ঘোষণা, শ্ৰীমান অজয় ফুকনৰ সৈতে মোৰ কিছু সমস্যা হৈছে। তেওঁ আয়োজন কৰা কোনো অনুষ্ঠানলৈ অনুগ্ৰহ কৰি নাহিব। অসমৰ শিল্পী সমাজ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত। মই সদৌ অসম ছাত্ৰ সন্থা তথা অন্যান্য সংগঠন আৰু জ্যেষ্ঠ শিল্পীৰ সৈতে আলোচনা মৰ্মে সকলো বিৱৰি ক’বলৈ ইয়াত আছো। অসম শিল্পী সংস্থা এক একত্ৰিত গোট। ইয়াত কোনো ৰাজনীতি নাই। যদি কোনোবাই ৰাজনীতি কৰিবলৈ বিচাৰে তেনেহ’লে মই তেওঁক ঠেকেচি পেলাম। অজয় ফুকন এতিয়াৰ পৰা জুবিন গাৰ্গ ফেন ক্লাৱৰ সৈতে জৰিত নহয়। 

    Photo Credit: @ facebook Zubeen Garg

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং