শ্বৰ্ট ভিডিঅ’ বনোৱা চীনৰ এপ Tiktokক শীঘ্ৰে প্ৰত্যাহ্বান জনাব Youtubeয়ে। গুগলে ইউটিউবত এনেকুৱা এটা ফীচাৰ লৈ আহিব যাৰ দ্বাৰা সকলোৱে নিজে ১৫ ছেকেণ্ডলৈ শ্বৰ্ট ভিডিঅ’ বনাব পাৰিব।
১৫ ছেকেণ্ডৰ ভিডিঅ’ৰ বাবে টিকটক যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।
সাজু হৈছে ফেচবুক
টিকটকক প্ৰত্যাহ্বান জনাবলৈ গুগলৰ লগতে ফেচবুকৰো প্ৰস্তুতি তুংগত। ফেচবুকে নিজৰ ইনষ্টাগ্ৰামত এটা নতুন ভিডিঅ’-মিউজিক ৰিমিক্স ফীচাৰ্ছ REELS উদ্বোধন কৰিছে।
কিন্তু বৰ্তমান এই ফীচাৰ কেৱল ব্ৰাজিল, ফ্ৰাঞ্চ আৰু জাৰ্মানীতে উপলব্ধ।
ইয়াৰ জৰিয়তেও ইউজাৰ্চে মিউজিক বা অন্য অডিঅ’ ফাইলৰ সহায়ত ১৫ ছেকেণ্ডৰ ভিডিঅ’ প্ৰস্তুত কৰিব পাৰে।
ইউটিউবে এই ভিডিঅ’ ফৰ্মেটৰ নাম ৰাখিছে SHORTS। বৰ্তমান এনড্ৰয়ড আৰু আইঅএছত সৰু দলৰ জৰিয়তে ইয়াৰ পৰীক্ষণ কৰি থকা হৈছে।
কোম্পানীয়ে ক’লে যে ইয়াৰ জৰিয়তে মাল্টিপল ক্লিপ ব্যৱহাৰ কৰি এটা ১৫ ছেকেণ্ডৰ ছিংগল ভিডিঅ’ প্লেটফৰ্মত আপলোড কৰিব পাৰৰিব।
এই ফীচাৰত নিজৰ ভিডিঅ’ বনাই ৰেকৰ্ড বুটাম হোল্ড কৰিব পাৰে আৰু এইদৰে ভিডিঅ’টো বনাব পাৰিব।
ডাঙৰ ভিডিঅ’ ফোনৰ গেলেৰীৰ পৰা আপলোড কৰিব পাৰিব।
Photo Credit: celebrityaccess.com