অশ্লীল কাৰ্যৰ প্ৰস্তাৱ দিয়াক লৈ এজন যুৱকক চেণ্ডেলেৰে উপৰ্য্যুপৰি প্ৰহাৰ এগৰাকী মহিলাৰ৷ ইয়াৰ পিছতে ছচিয়েল মিডিয়াত প্ৰহাৰৰ ভিডিঅ’ ভাইৰেল হৈ পৰে। এই ঘটনাটো সংঘটিত হৈছে হোজাইৰ নীলবাগান বজাৰত। অভিযোগ অনুসৰি আছিফ আলম নামৰ এই যুৱকজনে এইগৰাকী অসহায় মহিলাক গুৱাহাটীত কাম দিয়াৰ প্ৰলোভন দিয়ে৷ তাৰ বিনিময়ত মহিলাগৰাকীক অসৎ কাৰ্য কৰাৰ প্ৰস্তাৱ দিয়ে৷ যাৰ বাবে মহিলাগৰাকীয়ে ৰনচণ্ডী ৰূপ ধাৰন কৰি যুৱকজনক প্ৰহাৰ কৰে৷
আনহাতে যুৱকজনে সমগ্ৰ ঘটনা অস্বীকাৰ কৰে আৰু এয়া তেওঁৰ বিৰুদ্ধে পৰিকল্পিত ষড়যন্ত্ৰ বুলি উল্লেখ কৰে ৷ ইতিমধ্যে দুয়ো পক্ষই পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষী থানাত গোচৰ তৰিছে ৷ আৰক্ষীৰ তদন্তহে কোন সঁচা আৰু কোন মিছা ওলাই পৰিব।