26 C
Guwahati
Thursday, September 29, 2022
More

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মৃত্যুৰ ভাবুকি!

    নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আক্ৰমণ চলিব বুলি উল্লেখ কৰিছে লিণ্টু কিশোৰ শৰ্মা নামৰ এজনে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত গুৱাহাটীত হ'বলগীয়া প্ৰচাৰ সভাত নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি চলিব আক্ৰমণ

    ছচিয়েল মিডিয়াযোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিয়া হৈছে মৃত্যুৰ ভাবুকি। ফেচবুক একাউণ্টত নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আক্ৰমণ চলিব বুলি উল্লেখ কৰিছে লিণ্টু কিশোৰ শৰ্মা নামৰ এজনে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত গুৱাহাটীত হ’বলগীয়া প্ৰচাৰ সভাত নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি চলিব আক্ৰমণ আৰু এই আক্ৰমণত মৃত্যু হ’ব প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এনেদৰে ফেচবুকত উল্লেখ কৰে লিণ্টু কিশোৰ শৰ্মা নামৰ লোকজনে।

    লিণ্টু কিশোৰ শৰ্মা নামৰ লোকজনৰ হাতত হিমন্ত বিশ্ব শৰ্মাৰ জীৱন, যদিহে উপায়ুক্ত কাৰ্যালয়ত লোকজনক চাকৰি দিয়ে তেন্তে ৰক্ষা পৰিব হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাণ। এইবুলিও লোকজনে উল্লেখ কৰে ফেচবুকত। আৰু এই সমগ্ৰ ঘটনাক লৈ এতিয়া নলবাৰীৰ লগতে যথেষ্ট খলকনি তুলিছে ছচিয়েল মিডিয়াতো। ঘটনা সন্দৰ্ভত লোকজনৰ বিৰুদ্ধে মেৰাজ উদ্দিন আহমেদ নামৰ এজনে নলবাৰী সদৰ থানাত দাখিল কৰিছে এজাহাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং