19 C
Guwahati
Tuesday, December 7, 2021
More

    ঘৰত পৰ্যাপ্ত কোঠা নথকাৰ বাবে চাংঘৰত হোম কোৱাৰেণ্টাইন যুৱকৰ

    যুৱকজনৰ সংস্পৰ্শৰ পৰা আঁতৰি দূৰৰে পৰা সময়ে সময়ে যোগান ধৰা হৈছে খাদ্য, লগতে আশা কৰ্মীসকলে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি আহিছে যুৱকজনৰ

    অব্যাহত আছে লকডাউন। কিন্তু লকডাউনৰ এই সময়ছোৱাত প্ৰশাসন-চৰকাৰে নীতি-নিয়ম কিছু শিথিল কৰিছে।

    লকডাউন শিথিল হোৱাৰ লগে লগে স্ব-গৃহলৈ উভতিছে বহিঃৰাজ্যত থকা লোকসকল।

    বহিঃৰাজ্যৰ পৰা অহা লোকসকলক প্ৰথমে কোৱাৰেণ্টাইন কেন্দ্ৰত ৰাখে আৰু পিছত হোম কোৱাৰেণ্টাইনত থাকিব দিয়া হয়।

    ইফালে ডিব্ৰুগড়ত ঘৰত কোৱাৰেণ্টাইনত থাকিব নোৱাৰি চাং ঘৰতে কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে।

    ঘৰত পৰ্যাপ্ত কোঠা নোহাৱা বাবে বাৰীৰ চুকতে চাংঘৰ সাজি হোম কোৱাৰেণ্টাইন বহিঃৰাজ্যৰ পৰা অহা ডিব্ৰুগড় জিলাৰ নামৰূপৰ যুৱকৰ।

    ঘৰত থাকিবলৈ কোঠা নোহোৱা বাবে বাৰীৰ বাহনিত চাং ঘৰ নিৰ্মাণ কৰি তাতে দিনে-নিশাই আশ্ৰয় ল’বলগীয়া হৈছে যুৱকজনৰ।

    উল্লেখ্য যে বিহাৰৰ কিষাণগঞ্জৰ কৰ্মস্থলীৰ পৰা অসমলৈ ঘূৰি আহি ৭ দিন ডিব্ৰুগড়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত থাকি সকলো পৰীক্ষাৰ অন্তত নামৰূপৰ তিনিকুনীয়া গাঁৱৰ কৈলাশ মূৰ্মূ নামৰ শ্ৰমিক যুৱকজন ৪ জুনৰ দিনা উপস্থিত হৈছিল নিজৰ আপোন ঘৰখনত।

    কিন্তু চৰকাৰী নিয়ম অনুসৰি আৰু ৭ দিন হোম কোৱাৰেণ্টাইনত থাকিবৰ বাবে ঘৰখনত পৰ্য্যাপ্ত কোঠা নথকাত নিজৰ পৰা পৰিয়ালটোক বচাই ৰাখিবলৈ

    এতিয়া এনেদৰেই বাৰী চুকৰ বাহনিত অস্থায়ীভাৱে চাং ঘৰ নিৰ্মাণ কৰিছে।

    আৰু তাতেই আশ্ৰয় লৈ ৰ’দে-বৰষুণে থাকি দিন-ৰাতি পাৰ কৰিছে এই যুৱকজনে।

    ইফালে যুৱকজনক খোৱা-বোৱা প্ৰদান কৰা ক্ষেত্ৰতো পৰিয়ালে লৈছে বিশেষ সতৰ্কতা। https://www.time8.in/youth-quarantine-at-chang-ghar-instead-of-home-in-dhekiajuli/

    যুৱকজনৰ সংস্পৰ্শৰ পৰা আঁতৰি দূৰৰে পৰা সময়ে সময়ে যোগান ধৰা হৈছে খাদ্য, লগতে আশা কৰ্মীসকলে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি আহিছে যুৱকজনৰ।

    আনকি যুৱকজনৰ কোনো ধৰণৰ অসুবিধা নহ’বৰ বাবে পৰিয়ালৰ লোকে আছুতীয়াকৈ নিমাৰ্ণ কৰি দিছে এটা শৌচালয়।

    Photo credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং