19 C
Guwahati
Friday, November 26, 2021
More

    ঘৰৰ পৰিৱৰ্তে চাংঘৰত হোম কোৱাৰেণ্টাইন হ’ল এজন যুৱক

    ঢেকিয়াজুলিৰ অসম অৰুণাচল সীমান্তৱৰ্তী ২নং অনচাইপুৰ গাঁৱত এখন চাঙত হোম কোৱাৰেণ্টাইন হৈ আছে আমুছ বসুমতাৰী(২১) নামৰ যুৱকজন। চেন্নাইৰ পৰা আহিছিল যুৱকজন

    কৰ’ণা সন্ত্ৰাসৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত আছে পঞ্চম পৰ্যায়ৰ লকডাউন। এইবাৰৰ লকডাউনত বহু ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে।

    লকডাউনৰ মাজতে বাহিৰত থকা লোকসকল এতিয়া ঘূৰি আহিছে নিজৰ স্ব-গৃহলৈ। স্ব-গৃহত উপস্থিত হোৱাৰ পূৰ্বে লোকসকলক ৰখা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰত।

    কোৱাৰেণ্টাইন কেন্দ্ৰত ১৪দিন ৰখাৰ পিছত পুনৰ হোম কোৱাৰেণ্টাইন কৰা হয় বহিঃৰাজ্যৰ পৰা অহা লোকসকলক।

    কিন্তু ঢেকিয়াজুলিৰ এজন যুৱকে ঘৰত থাকিব নোৱাৰাৰ বাবে চাংঘৰতে কোৱাৰেণ্টাইন হ’ল।

    ঢেকিয়াজুলিৰ অসম অৰুণাচল সীমান্তৱৰ্তী ২নং অনচাইপুৰ গাঁৱত এখন চাঙত হোম কোৱাৰেণ্টাইন হৈ আছে আমুছ বসুমতাৰী(২১) নামৰ যুৱকজন।

    চেন্নাইৰ পৰা আহিছিল যুৱকজন। উল্লেখ্য যে যুৱকজন চেন্নাইৰ পৰা ২৩ মে’ত এখন ৰে’লেৰে অহাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ত ২৩ মে’ত এদিনৰ বাবে কোৱাৰেণ্টাইন কৰা হয় ৷

    তাৰ পিছৰ দিনাই যুৱকজনক ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৩ দিন ৰখাৰ পিছত যুৱকজনক নিজ গৃহলৈ হোম কোৱাৰেণ্টাইনৰ বাবে পঠাই দিয়া হয় ৷

    কিন্তু যুৱকজন নিজ গৃহত উপস্থিত হোৱাৰ পিছত ঘৰত আছুতীয়া কোঠা নথকা বাবে ককায়েকে এখন চাংঘৰ নিৰ্মাণ কৰি দিয়ে ৷

    আজি চাৰিদিনধৰি চাংঘৰতে হোম কোৱাৰেণ্টাইন হৈ বাস কৰিছে যুৱকজনে ৷

    চাঙত কোৱাৰেণ্টাইন হৈ থকা যুৱকজনক ককায়েক আৰু বৌৱেকে ঘৰৰ পৰা ৰান্ধি দিয়া খাদ্য যোগান ধৰে।

    চাংঘৰত যুৱকজনৰ লগত থকা বাচনতে খাদ্য খিনি ঢালি দিয়ে আৰু তাতে ভাতৃয়ে সেই আহাৰ গ্ৰহণ কৰে।

    এইক্ষেত্ৰত এবছুৰ সদস্যসকলৰ লগতে গাঁৱৰ একাংশ সচেতন লোকে বিভিন্নধৰণে সহায় প্ৰদান কৰিছে যুৱকজনক।

    Photo credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং