30 C
Guwahati
Friday, September 23, 2022
More

    Breaking: ৭ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত লম্পট যুৱক

    লম্পট যুৱকজনে ৰাইজৰ আগত এই কথা স্বীকাৰ কৰাত ৰাইজে তাক কাকপথাৰ আৰক্ষীক গতাই দিয়ে

    এগৰাকী ৭ বছৰীয়া কিশোৰীক এজন প্ৰতিৱেশী যুৱকে যৌন নিৰ্যাতন চলোৱাৰ বিষয় শেহতীয়াকৈ পোহৰলৈ আহিছে। নিজকে ১৭ বছৰীয়া বুলি কোৱা লম্পটটো কাকপথাৰ ৩নং ৰুমাই গাভৰু গাঁৱৰ ৰাম ভৰত কৈৰীৰ পুত্ৰ ৰহিত কৈৰী৷ ৰহিতক বুধবাৰে পুৱা গাঁওখনৰ একাংশ লোকে শোৱা পাটীৰ পৰা আটক কৰে।

    লম্পট যুৱকজনে ৰাইজৰ আগত এই কথা স্বীকাৰ কৰাত ৰাইজে তাক কাকপথাৰ আৰক্ষীক গতাই দিয়ে। যৌন নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন 376 (2) (i) ধাৰাৰ R/W sec 6 of pocso ৰ অধীনত 04/2020 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। উত্তেজিত ৰাইজে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আদালতক অনুৰোধ জনায়।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং