26 C
Guwahati
Monday, September 26, 2022
More

    Breaking: বৰপেটাত যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ মুক্তিৰ দাবীত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

    ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰাৰ বাবেই যুৱ কংগ্ৰেছৰ নেতাগৰাকীক ভুৱা অভিযোগেৰে NIAই গ্ৰেপ্তাৰ কৰাৰ অভিযোগ

    যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ৷ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত ৰাজ্যত অব্যাহত থকা আন্দোলনত হিংসা বিয়পোৱা আৰু প্ৰৰোচিত কৰাৰ ভুৱা অভিযোগত NIAই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম চৌধুৰীক বিনাচৰ্তে মুক্তিৰ দাবীত আজি বৰপেটা জিলা যুৱ কংগ্ৰেছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে৷

    বৰপেটা যুৱ কংগ্ৰেছে আজি বৰপেটা ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷ বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লোগান আওৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰাৰ বাবেই যুৱ কংগ্ৰেছ নেতাগৰাকীক ভুৱা অভিযোগ আনি NIAই গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ তুলি শীঘ্ৰে তেওঁক মুক্তি দিবলৈ দাবী জনাইছে৷ অন্যথা ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিছে যুৱ কংগ্ৰেছে৷

    Photo Credit:@maidulislam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং