26 C
Guwahati
Tuesday, September 27, 2022
More

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-হিমন্ত বিশ্ব শৰ্মাক মৃত্যুৰ ভাবুকি দিয়া যুৱক আটক

    ছচিয়লে মিডিয়াত এইদৰে ভাবুকি প্ৰদান কৰা লিণ্টু কিশোৰ শৰ্মাৰ বিৰুদ্ধে মেৰাজুদ্দিন আহমেদ নামৰ এজন যুৱকে নলবাৰী সদৰ আৰক্ষী থানাত তৰিছিল এক গোচৰ

    অৱশেষত আৰক্ষীয়ে আটক কৰিলে লিণ্টু কিশোৰ শৰ্মাক। উল্লেখ্য যে ধৃত লিণ্টু কিশোৰ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা ফেচবুক পোষ্টযোগে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল।

    ২০২১ৰ বিধানসভা নিৰ্বাচনত গুৱাহাটীত হ’বলগীয়া প্ৰচাৰ সভাত দেশৰ প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ হ’ব আৰু এই আক্ৰমণত হিমন্ত বিশ্বৰ মৃত্যু হ’ব। লিণ্টু শৰ্মাই এইদৰে ফেচবুকত ভাবুকি প্ৰদান কৰাৰ লগতে হিমন্তৰ মৃত্যু তেওঁৰ হাতত মুঠি বুলি ফেচবুকত পোষ্ট দি হিমন্ত বিশ্ব শৰ্মাক নলবাৰী ডি চি অফিচত চাকৰি দিলে মৃত্যুৰ পৰা হাত সাৰিব বুলি উল্লেখ কৰিছিল।

    ছচিয়লে মিডিয়াত এইদৰে ভাবুকি প্ৰদান কৰা লিণ্টু কিশোৰ শৰ্মাৰ বিৰুদ্ধে মেৰাজুদ্দিন আহমেদ নামৰ এজন যুৱকে নলবাৰী সদৰ আৰক্ষী থানাত তৰিছিল এক গোচৰ। এই গোচৰৰ ভিত্তিতেই শনিবাৰে নলবাৰী আৰক্ষীয়ে এক অভিযান চলাই বৰভাগৰ আৰংগমৌৰ ঘৰৰ পৰা লিণ্টু কিশোৰ শৰ্মাক আটক কৰে। সম্প্ৰতি আৰক্ষীয়ে ধৃত শৰ্মাক সোধা পোছা অব্যাহত ৰাখিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং