26 C
Guwahati
Thursday, September 29, 2022
More

    পিতৃৰ মৃত্যুত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পত্ৰ, ক’লে, মা মই আহিব নোৱাৰো

    মঙলবাৰে উত্তৰাখণ্ডস্থিত গাঁৱত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব

    সোমবাৰে পুৱা ১০.৪৪ বজাত দিল্লীস্থিত AIIMSত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পিতৃ আনন্দ সিং বিষ্টে শেষ নিশ্বাস ত্যাগ কৰে। মঙলবাৰে উত্তৰাখণ্ডস্থিত গাঁৱত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

    মুখ্যমন্ত্ৰী যোগীয়ে পিতৃৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই মাতৃলৈ এখন পত্ৰ লিখিলে আৰু ক’লে যে তেওঁ কিয় পিতৃৰ অন্তিম সংস্কাৰত আহিব নোৱাৰে।

    তেওঁ পত্ৰত লিখিলে, পিতৃৰ মৃত্যুত মই যথেষ্ট দুঃখিত। জীৱনত নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু স্বাৰ্থহীনভাৱে ৰাইজৰ মংগলৰ বাবে কাম কৰি যোৱাৰ সংস্কাৰ বাল্যকালৰ পৰা তেওঁ মোক দিছে। অন্তিম ক্ষণত তেওঁক চাবলৈ মোৰ যথেষ্ট ইচ্ছা আছিল, কিন্তু মহামাৰী কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে দেশৰ যুঁজক উত্তৰ প্ৰদেশৰ ২৩ কোটি জনতাৰ হিতাৰ্থে আগবঢ়াই নিবলৈ মই যাব নোৱাৰিলো।

    লকডাউন সফল কৰিবলৈ তথা মহামাৰী কৰ’ণাক হৰুৱাবলৈ ৰণনীতিৰ বাবে কাইলৈ অৰ্থাৎ ২১ এপ্ৰিলত অন্তিম সংস্কাৰৰ অনুষ্ঠানত অংশ ল’ব নোৱাৰো। শ্ৰদ্ধাৰ মা, পূৰ্বাশ্ৰমৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্যক আহ্বান জনাইছো যে তেওঁলোক লকডাউন মানি কমতকৈ কম লোক অন্তিম সংস্কাৰত অংশ লওক। শ্ৰদ্ধাৰ পিতৃৰ স্মৃতিক কোটি-কোটি বাৰ সেৱা জনাই তেওঁলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিছো।

    Photo credit: m.lokmat.com

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং