15.7 C
Guwahati
Monday, January 24, 2022
More

    যোগী চৰকাৰে বাবৰী মছজিদৰ বাবে অযোধ্যাৰ ধন্নীপুৰত দিলে ৫ একৰ ভূমি

    বুধবাৰে লোকসভাত এই কথাৰ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৰকাৰে অযোধ্যা আইনৰ আধাৰত ৬৭.৭০ একৰ ভূমি ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰক হস্তান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

    ৰাম মন্দিৰ ট্ৰাষ্টৰ ঘোষণাৰ পিছত যোগী কেবিনেটে ছুন্নী ৱাকফ বৰ্ডক ভূমি দিয়াৰ প্ৰস্তাৱ গৃহীত কৰিলে। পিটিআইৰ খবৰ অনুসৰি, অযোধ্যাৰ ছোহাবল তহছীলৰ ধন্নীপুৰ গাঁৱত ছুন্নী ৱাকফ বৰ্ডক ভূমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

    চৰকাৰৰ মুখপাত্ৰ সিদ্ধাৰ্থনাথ সিঙে ক’লে যে আজি গৃহীত হ’ল ৫ একৰ ভূমিৰ প্ৰস্তাৱ। আমি ৩টা বিকল্প কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিলো, য’ত এটা বিকল্পত সহযোগ কৰিছিল। মছজিদৰ বাবে ধন্নীপুৰত ভূমি প্ৰদান কৰা হ’ব। এই ভূমি মুখ্য কাৰ্যালয়ৰ পৰা ১৮ কিলোমিটাৰ আঁতৰত।

    উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকত ‘শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ’ গঠন হোৱাৰ প্ৰস্তাৱক অনুমতি প্ৰদান কৰা হৈছে। এই ট্ৰাষ্ট অযোধ্যাত ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণ আৰু সেই সম্বন্ধিত বিষয়ক লৈ নিৰ্ণয় লোৱাৰ বাবে সম্পূৰ্ণৰূপে স্বতন্ত্ৰতা লাভ কৰিব।

    বুধবাৰে লোকসভাত এই কথাৰ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৰকাৰে অযোধ্যা আইনৰ আধাৰত ৬৭.৭০ একৰ ভূমি ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰক হস্তান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গৃহ মন্ত্ৰী অমিত শ্বাহে ক’লে যে ‘শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ’ ট্ৰাষ্টত ১৫ জন ট্ৰাষ্টী থাকিব। এই ১৫জনৰ এজন হ’ব দলিত সমাজৰ।

    Photo credit: www.siasat.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং