29 C
Guwahati
Saturday, October 23, 2021
More

    ভজা মাংসৰ মাজত ওলাল পোক, ক’ৰ এই ৰেষ্টুৰেন্ট?

    গ্ৰাহক জনেও প্ৰমাণ সহকাৰে ৰেষ্টুৰেন্ট খনৰ খাদ্যৰ বিল আৰু পোক ওলোৱা মাংসৰ ফটো ছচিয়েল মিডিয়াযোগে প্ৰচাৰ কৰে

    আপুনি বাৰু দামী ৰেষ্টুৰেন্টত মাছ-মাংস আদি খাই ভাল পাই নেকি? পিছে আপোনাক ৰেষ্টুৰেন্টখনে কি খুৱাই আছে জানেনে? খোৱাৰ আগতে সদাই এবাৰ ভালকে চাই ল’ব কি খাই আছে। কিয়নো হোটেল বা ৰেষ্টুৰেন্ট খনৰ ভিতৰত কিমান দিনৰ পৰা পৰি থকা খাদ্য আপোনাক দিয়া হৈছে আপুনি হয়তো নাজানে। সেয়ে সাৱধান মাংস অৰ্ডাৰ কৰি খাওঁতে তাৰ মাজত ওলাই পৰিব পাৰে পোক।

    কোনো অন্য ঠাইৰ কথা নহয়, গুৱাহাটীৰ মাজমজিয়াৰ এখন নামী-দামী ৰেষ্টুৰেন্ট ‘কুইকপিক’। য’ত এজন গ্ৰাহকে ভজা মাংস অৰ্ডাৰ কৰিছিল। পিছে একামোৰ দিওঁতেই মাংসৰ টুকুৰাটোত ওলাই পৰিল এটি পোক।

    Photo:

    গ্ৰাহক জনেও প্ৰমাণ সহকাৰে ৰেষ্টুৰেন্ট খনৰ খাদ্যৰ বিল আৰু পোক ওলোৱা মাংসৰ ফটো ছচিয়েল মিডিয়াযোগে প্ৰচাৰ কৰে । এতিয়া খাদ্য সুৰক্ষা বিভাগেহে কি ব্যৱস্থা লয় ৰেষ্টুৰেন্ট খনৰ বিৰুদ্ধে সেয়া সময়েহে ক’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং