26 C
Guwahati
Tuesday, August 9, 2022
More

    বিশ্বৰ সকলোতকৈ চাপৰ ব্যক্তি খগেন্দ্ৰ থাপা মগৰৰ মৃত্যু

    ২০১০ চনৰ ১৪ অক্টোবৰত গীনিজ বুক অৱ ৰেকৰ্ডছত নাম উঠিছিল থাপাৰ

    গীনিজ বুক অৱ ৰেকৰ্ডছত বিশ্বৰ সকলোতকৈ চাপৰ ব্যক্তি হিচাপে নাম সন্নিৱিষ্ট থকা খগেন্দ্ৰ থাপা মগৰৰ মৃত্যু। ১৭ জানুৱাৰী শুকুৰবাৰে বিয়লি চিকিমৰ পোখৰাস্থিত মণিপাল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। বিগত কেইবাদিনো ধৰি শ্বাস প্ৰশ্বাসজনিত কাৰণৰ বাবে হাস্পতালখনৰ আইচিইউত চিকিৎসা চলাই থকা হৈছিল খগেন্দ্ৰ থাপাৰ।

    হাওঁফাওঁ সংক্ৰমিত হৈ নিউম’নিয়া ৰোগত ভুগি আছিল থাপা। লগতে কম উচ্চতা আৰু ওজনৰ বাবে এই সমস্যাই প্ৰায়ে দেখা দিছিল থাপাৰ। উল্লেখ্য যে, কেৱল মাত্ৰ ২২ ইঞ্চি (৫৬ চেন্টিমিটাৰ) উচ্চতাৰ হোৱা বাবে ২০১০ চনৰ ১৪ অক্টোবৰত গীনিজ বুক অৱ ৰেকৰ্ডছত নাম উঠিছিল বিশ্বৰ চাপৰ ব্যক্তি হিচাপে খগেন্দ্ৰ থাপা মগৰৰ।

    Photo Credit: Khagendrathapa Magar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং