15 C
Guwahati
Tuesday, January 25, 2022
More

    চাইকেল চলোৱা অৱস্থাত লোকবাদ্য বজাই আৰু একেলেথাৰিয়ে দৌৰি বিশ্ব অভিলেখ অসমৰ যুৱকৰ

    ৱৰ্ল্ড ৰেকৰ্ডছ ইউনিভাৰ্চিটিয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰীও প্ৰদান কৰিছে এই যুৱকজনক

    অসমৰ এজন যুৱক তথা আৰক্ষী বাহিনীৰ জোৱানে গঢ়িছে দুটাকৈ বিশ্ব অভিলেখ। একেলেথাৰিয়ে ২০২ কিঃ মিঃ দৌৰি গঢ়িছে প্ৰথমটো বিশ্ব ৰেকৰ্ড। খালি ভৰিৰে একেলেথাৰিয়ে ২০২ কিঃমিঃ ২৫ ঘন্টা ১০ মিনিট সময়ত দৌৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।

    কেৱল খালি ভৰিৰে দৌৰিয়েই নহয়, চাইকেলৰ হেণ্ডেলত হাত স্পৰ্শ নকৰাকৈ একেৰাহে দুই ঘন্টা ৪০ মিনিট সময় চাইকেল চলাইয়ো গঢ়িবলৈ সক্ষম হৈছে অন্য এক ৰেকৰ্ড। পিছে অকল চাইকেল চলোৱাই নহয় সেই একে সময়তে বজাই গৈছে অসমৰ লোকবাদ্য যেনে ঢোল, পেপা, গগণা আদি।

    এই বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা যুৱকজনৰ নাম হৈছে মনজিৎ দিহিঙীয়া। গহপুৰৰ যুৱক তথা দ্বাদশ অসম আৰক্ষী বাহিনীৰ জোৱান মনজিতক ইতিমধ্যে ৱৰ্ল্ড ৰেকৰ্ডছ ইউনিভাৰ্চিটিয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰীও প্ৰদান কৰিছে। একাগ্ৰতা আৰু সাধনাৰ বলত অসম্ভৱকো সম্ভৱ কৰি তোলা ড০ মনজিত দিহিঙীয়া আজিৰ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ আৰু প্ৰেৰণা।

    PHoto And Video: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং