28 C
Guwahati
Tuesday, October 4, 2022
More

    ভাৰতলৈ এক বিলিয়ন ডলাৰৰ পেকেজ বিশ্ব বেংকৰ

    কৰ’ণাৰ বাবে বিশ্বৰ সকলো দেশেই ভয়াবহ অৰ্থনৈতিক সংকটৰ সন্মুখিন হৈছে। ভাৰতৰ অৰ্থনীতিতো ইয়াৰ বিৰোপ প্ৰভাৱ পৰিছে। লোকচানৰ সন্মুখিন হৈছে কোটি কোটি টকা। তাৰ মাজতেই বৃহৎ সকাহ দিয়াৰ উদ্দেশ্যে এক শুভ বাৰ্তা লৈ উপস্থিত হৈছে বিশ্ব বেংকে(world Bank)। চৰকাৰী আঁচনিৰ বাবে বিশ্ব বেংকে ভাৰতলৈ এক বিলিয়ন ডলাৰৰ পেকেজৰ কথা ঘোষণা কৰিছে।

    ইয়াৰ পূৰ্বে ব্ৰিকছ দেশসমূহৰ নিউ ডেভেলপমেন্ট বেংকে এক আৰৱ ডলাৰৰ আপদকালীন সাহায্যৰ কথা ঘোষণা কৰিছিল। সামাজিক সুৰক্ষাৰ বাবে আগবঢ়োৱা বিশ্ব বেংকৰ এক বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৭৬০০কোটি টকা দেশৰ কৰ’ণা আক্ৰান্ত ৰোগীৰ চিকিৎসাত ব্যৱহাৰ হ’ব।

    আনহাতে বিশ্ব বেংকে ২৫খন উন্নয়নশীল দেশক এইদৰে ধনৰ পেকেজ আগবঢ়োৱাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ বহিৰেও এছিয়ান ডেভেলেউপমেন্ট বেংকেও(ADB) কৰ’ণা সংকটৰ মোকাবিলা কৰিবলৈ ভাৰতক ১.৫ আৰৱ ডলাৰৰ পেকেজ দিয়াৰ কথা ঘোষণা কৰিছিল।

    Photo Credit: The Financial express

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং