26 C
Guwahati
Wednesday, September 28, 2022
More

    ৩ মাহত আৰম্ভ হ’ব অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণকাৰ্যঃ অমিত শ্বাহ

    অমিত শ্বাহে CAA আৰু অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ বিষয়ে উল্লেখ কৰি ক'লে যে, এই সকলো বিষয়ত ৰাহুল, অখিলেশ, মায়াৱতী আৰু মমতাৰ ভাষা আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ভাষা একেটাই

    অযোধ্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক চৰকাৰৰ উপলব্ধি হিচাপে প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এইটো দাবী কৰিলে যে অযোধ্যাত ৩ মাহৰ ভিতৰত ‘আকাশলংঘী মন্দিৰ’ নিৰ্মাণকাৰ্য আৰম্ভ হ’ব।

    তেওঁ ক’লে, ‘আক্ৰমণকাৰীসকলে ৫০০ বছৰ পূৰ্বে ভগৱান ৰাম মন্দিৰ ভাঙি ধ্বংস কৰিছিল। তাৰ পিছত লাখ লাখ লোক ক্ষুব্ধ হৈ পৰিছিল, কেইবাজনেও ছদীহ হৈছিল। কিন্তু কংগ্ৰেছে নিজৰ ৰাজত্বত শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ হ’ব নিদিলে। অমিত শ্বাহে লগতে ক’লে যে, ৩ মাহত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।

    অমিত শ্বাহ লক্ষ্ণৌৰ বাংলাবাজাৰস্থিত কথা পাৰ্কত আয়োজন কৰা বিশাল জনসভা সম্ৱোধন কৰে। এই সভাখন নাগৰিকত্ব সংশোধনী আইনৰ পক্ষত আয়োজন কৰা হৈছিল। গৃহ মন্ত্ৰীগৰাকীয়ে ক’লে, দেশত কাৰ বিৰুদ্ধে ভ্ৰম বিয়পোৱা হৈছে, প্ৰতিবাদ কৰোৱা হৈছে। কা’ত কোনো লোকৰ নাগৰিকত্ব লোৱাৰ নিয়ম নাই, ইয়াত নাগৰিকত্ব দিয়াৰহে নিয়ম আছে। মই আজি ইয়াত ক’বলৈ আহিছো যে যিয়ে বিৰোধ কৰিব বিচাৰে কৰিব পাৰে কিন্তু CAA ঘূৰাই লোৱা নহয়।’

    অমিত শ্বাহে CAA আৰু অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ বিষয়ে উল্লেখ কৰি ক’লে যে, এই সকলো বিষয়ত ৰাহুল, অখিলেশ, মায়াৱতী আৰু মমতাৰ ভাষা আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ভাষা একেটাই। মই বুজিব পৰা নাই যে আচলতে এইসকল লোকৰ ইমৰান খানৰ সৈতে কি সম্বন্ধ আছে।

    Photo credit: PTI

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং