31 C
Guwahati
Saturday, October 1, 2022
More

    চাপৰত দুৰ্বত্তক আটক কৰাৰ নামত মহিলা আৰু শিশুৰ ওপৰত শাৰীৰিক অত্যাচাৰ আৰক্ষীৰ

    গুৰুতৰভাৱে আহত হৈছে ৪জনকৈ মহিলা ক্ৰমে আমিনা খাতুন, মাফিয়া খাতুন, হালিমা খাতুন আৰু চাবিয়া খাতুন

    চাপৰৰ ফলিমাৰীত দুষ্কৃতিকাৰীক আটক কৰাৰ নামত নিৰীহ মহিলা আৰু শিশুৰ ওপৰত আৰক্ষীৰ শাৰীৰিক অত্যাচাৰ। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে মহিলাসহ শিশুক। চাপৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফলিমাৰীত চলালে মহিলা আৰু শিশুৰ ওপৰত অমানুষিক অত্যাচাৰ।

    গুৰুতৰভাৱে আহত হৈছে ৪জনকৈ মহিলা ক্ৰমে আমিনা খাতুন, মাফিয়া খাতুন, হালিমা খাতুন আৰু চাবিয়া খাতুন। সম্প্ৰতি মহিলাকেইগৰাকীক উন্নত চিকিৎসাৰ বাৱে বঙাইগাঁও অসামৰিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে চিকিৎসকে। শুকুৰবাৰে চাপৰৰ ফলিমাৰী বুধবৰীয়া বজাৰত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হোৱা পিছতে দুস্কৃতিকাৰীক বিচাৰি চাপৰ আৰক্ষীয়ে দিনে-নিশাই চলাইছিল অভিযান। অভিযানত জব্দ হৈছিল অবৈধ ৩০০০ লিটাৰ ডিজেল-কেৰাচিনকে ধৰি ট্ৰাকে ট্ৰাকে মূল্যৱান কাঠ।

    অভিযানত ৮জন দুৰ্বৃত্তক আটক আৰু দুৰ্বৃত্তক বিচাৰি চাপৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহানীয়ে চলাইছিল অভিযান। ইতিমধ্যে ফোনযোগে বহু দল-সংগঠনে ফলিমাৰী বুধবাৰীয়া বজাৰৰ দুয়োটা ঘটনাৰ বাবে গৰিহনা দিয়ে।

    Input: Nabin Chakrabarti

    Photo: Time8

    Published:

    8 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং