23 C
Guwahati
Thursday, October 28, 2021
More

    মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে লংকাত প্ৰতিবাদত নামিল মহিলা

    এই কোম্পানী সমুহৰ আতিশয্যৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছে লংকাৰ মহিলা

    সহজতে পইচা বিচাৰি পোৱা মাইক্ৰ’ফাইনেন্স কোম্পানী সমূহৰ কৱলত পৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু মহিলা তথা পৰিয়াল সৰ্বস্বান্ত হৈছে। লগতে কিছুমানে আত্মহত্যাৰ দৰে চৰম পথো বাচি লবলৈ বাধ্য হোৱাৰ খবৰ নিতৌ ঘটিব ধৰিছে। বিশেষকৈ সকলো প্ৰান্ততে গঢ়ি উঠা বন্ধন, আৰ জি ভি এন, আৰোহণ আদি বহিঃৰাজ্যৰ এইসমূহ মাইক্ৰ’ফাইনেন্স কোম্পানীয়ে সুতৰ ধন লৈ ৰাজ্যখনৰ চোকে-কোণে চলাই গৈছে অৰাজকতা।

    মহিলাসকলৰ লগতে পৰিয়ালসমূহৰ পৰা এই কোম্পানীৰ কৰ্মকৰ্তাই জোৰ-জবৰদস্তি সংগ্ৰহ কৰিছে কিস্তিৰ ধন। চলাইছে মানসিক নিৰ্যাতন। শেহতীয়াকৈ এই কোম্পানী সমুহৰ আতিশয্যৰ বিৰুদ্ধে লংকাৰ মহিলা সকলে মাৰবান্ধি থিয় হৈ আৰম্ভ কৰিছে তীব্ৰ প্ৰতিবাদ।

    কাকী আঞ্চলিক প্ৰতিবাদী মহিলা মঞ্চৰ মহিলা সকলে দেওবাৰে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি অঞ্চলটোত থকা প্ৰতিটো মাইক্ৰ’ফাইনেন্স কোম্পানীক ঋণ প্ৰদান বন্ধ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে ১৯ ফেব্ৰুৱাৰীৰ ভিতৰত অঞ্চলটোৰ পৰা উঠি যাবলৈ চৰম সীমা বান্ধি দিয়ে।

    Photo: @biswajit-chakraborty

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং