26 C
Guwahati
Friday, October 7, 2022
More

    বোকাখাতৰ বিজেপিৰ সংকল্প যাত্ৰাক প্ৰত্যাহ্বান জনাই মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ চুঙাজানৰ মহিলাৰ

    জাতিৰ অস্তিত্ব ৰক্ষাৰ সময়ত মহিলাসকলে প্ৰতিবাদস্থলীৰ পৰাই বুজাই দিব বিচাৰিছে যে 'কা' অসমৰ ৰাইজে মানি লোৱা নাই আৰু কোনো কালে মানি নলয়

    নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰ্তমানেও অব্যাহত আছে তীব্ৰ আন্দোলন আৰু প্ৰতিবাদ৷ আজি বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাই আজি সৰুপথাৰৰ চুঙাজানৰ মহিলাই মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে৷ ভিন্ন বয়সৰ মহিলাই মুখত ক’লা কাপোৰ মাৰি সাব্যস্ত কৰে প্ৰতিবাদ কৰে।

    অসমৰ খিলঞ্জীয়াৰ জাতি,মাটি,ভেটিৰ সন্মুখত ভাবুকি হৈ পৰা সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতাৰে আজি চুঙাজানৰ মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ জাতিৰ অস্তিত্ব ৰক্ষাৰ সময়ত মহিলাসকলে প্ৰতিবাদস্থলীৰ পৰাই বুজাই দিব বিচাৰিছে যে ‘কা’ অসমৰ ৰাইজে মানি লোৱা নাই আৰু কোনো কালে মানি নলয়। হুংকাৰ প্ৰদান কৰি অসম চৰকাৰক ‘কা বাতিল কৰিবৰ কাৰণে তীব্ৰ সকিয়নী প্ৰদান কৰে চুঙাজানৰ মহিলাসকলে৷

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং