30 C
Guwahati
Wednesday, October 27, 2021
More

    ৰাজ্যজুৰি নাৰী শক্তিক লৈ আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ অৱস্থান ধৰ্মঘট

    পিছ পৰি ৰোৱা নাই ৮০ বছৰীয়া বৃদ্ধাও

    সমগ্র ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ সমৃূহ নাৰীকে লগত লৈ কৰে অৱস্থান ধৰ্মঘট। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া মহিলা শক্তিয়ে কৰিছে নাগৰিকত্ব আইনৰ বিৰোধীতা। পিছ পৰি ৰোৱা নাই ৮০ বছৰীয়া বৃদ্ধাও। গুৱাহাটী মহানগৰীৰ পৰা আৰম্ভ কৰি তামুলপুৰ, লখিমপুৰ, তেজপুৰ, বোকাজান, ডিব্ৰুগড়, মাজুলী আদিতো নাৰী শক্তিৰ প্ৰতিবাদ। মহানগৰীৰ লতাশিল খেলপথাৰত আজি আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত অৱস্থান ধৰ্মঘটৰ বাবে একত্ৰিত হয় মহিলা সমাজ।

    তামুলপুৰতো তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থা আৰু গান্ধীবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যাগত নাৰী শক্তিৰ সহযোগত প্ৰতিবাদী কাৰ্যসুচী। তামুলপুৰ ঘগ্ৰাচকত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰী সকলে “কা” বাতিল কৰক, নাৰী শক্তি জীন্দাবাদ, সদৌ অসম ছাত্ৰ সন্থা জীন্দাবাদ, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায়, সৰ্বানন্দ সনোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্লোগানেৰে তামুলপুৰৰ পৰিবেশ উত্তাল কৰি তোলে।

    একেই প্ৰতিৰূপ দেখা গ’ল লখিমপুৰতো। লখিমপুৰৰ লখিমপুৰ নগৰ, নাওবৈচা, লালুক, বঙালমৰা, হাৰমতি, বিহপুৰীয়া, নাৰায়নপুৰত নাৰী সমাজৰ ব্যাপক প্ৰতিবাদ। তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো তেজপুৰ মাজমজিয়াত নাৰী শক্তিৰ প্ৰতিবাদ।

    পিছ পৰি ৰোৱা নাই বোকাজানৰ মহিলা সমাজো। বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুখত ৰূপায়িত হয় এই বিক্ষোভ কাৰ্যসূচী। পুৱা ১১ বজাৰ পৰা ৩ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হয় এই নাৰী শক্তিৰ। বিশ্বনাথতো বিশ্বনাথ চাৰিআলিৰ চন্দ্ৰপুৰ বাকৰিত মহিলাৰ অৱস্থান ধৰ্মঘট। শ শ মহিলা ওলাই আহিছে এই অৱস্থানলৈ। নৱপ্ৰজন্মৰ লগতে বৃদ্ধা সকলো বিনাদ্বিধাই ওলাই আহিছে প্ৰতিবাদলৈ। মহিলা সকলে নিজে প্ৰস্তুত কৰি ওলাইছে চৰকাৰৰ বিৰুদ্ধে দিহানাম।

    ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰতো প্ৰতিবাদকাৰী মহিলাৰ উত্তাল প্ৰতিবাদ। মাজুলীতো প্ৰতিবাদ অব‍্যাহত, শতাধিক মহিলাই দিহানাম পৰিৱেশন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নগাওঁ ছাত্র সন্থাৰ কাৰ্য্যালয়ৰ সন্মুখতো এই বিক্ষোভ, নাৰী শক্তিৰ লগত কেইবাজনো ছাত্র সন্থাৰ বিশিষ্ট নেতা উপস্থিত থাকি নাৰী শক্তিক সহজোক কৰে।

    Input: @smitaranideka @abhijittalukdar @hassinuralom @amalnath @dipubora @abdulrajjak @kalpajitsaikia @bijugohain

    Photo Credit: @abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং