ৰূপহীহাটৰ কৰৈগুৰী গাঁৱৰ নাজিমা পাৰবিন নামৰ এগৰাকী মহিলাক স্ৱামীৰ সৈতে মিলি ৩ পুত্ৰই হত্যা কৰিলে মাতৃক। মৃত মহিলাগৰাকীৰ স্বামীৰ দ্ৱিতীয় পত্নীৰ পুত্ৰই মহিলাগৰাকীৰ গাত কেৰাচিন তেল ঢালি অগ্নি সংযোগ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।
অগ্নিদগ্ধ মহিলাগৰাকীক GMCH লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মহিলাগৰাকীয়ে মৃত্যুক সাৱটি লয়। মৃত মহিলাগৰাকীৰ মৃতদেহ ঘৰলৈ অহাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে।
Rupahihat | Edited by: Dulu Medhi