28 C
Guwahati
Monday, September 26, 2022
More

    ৰে’লত অসুৰক্ষিত মহিলা যাত্ৰী, পুনৰ টাৰ্গেট কৰিলে দুৰ্বৃত্তই

    যুৱতীগৰাকীৰ লগত থকা ২০ হাজাৰ টকা কাঢ়ি নিয়ে দুৰ্বৃত্তই। যুৱতীগৰাকীক ৰে'লৰ পৰা গতিয়াই পেলাই দিয়াৰ সন্দেহ।

    ৰে’লত যে মহিলা, যুৱতী সুৰক্ষিত নহয় সেই কথা পুনৰ প্ৰমাণিত হ’ল বিশ্বনাথ চাৰিআলি জিলাত। অৱশেষত উদ্ধাৰ হ’ল পূৰ্ণিমা নাৰ্জাৰী নামৰ যুৱতীগৰাকীৰ মৃতদেহ। যুৱতীগৰাকীৰ লগত থকা ২০ হাজাৰ টকা কাঢ়ি নিয়ে দুৰ্বৃত্তই। যুৱতীগৰাকীক ৰে’লৰ পৰা গতিয়াই পেলাই দিয়াৰ সন্দেহ।

    উল্লেখ্য যে ২ ছেপ্টেম্বৰত অৰুণাচলত কৰ্মৰত পিতৃৰ পৰা ২০ হাজাৰ টকা লৈ আহি গহপুৰৰ পৰা ৰে’লেৰে ঘৰলৈ উভতি আহি আছিল পূৰ্ণিমা নাৰ্জাৰী নামৰ যুৱতীগৰাকী। আৰু তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল পূৰ্ণিমা নাৰ্জাৰী। আৰু অৱশেষত আজি বিশ্বনাথ চাৰিআলি জিলাৰ হাইদাবাৰী শিয়ালমাৰী গাঁবত ৰে’লপথৰ দাঁতিত আজি উদ্ধাৰ হয় পূৰ্ণিমা নাৰ্জাৰীৰ মৃতদেহ।

    মাছ মাৰিবলৈ যোৱা স্থানীয় কেইজনমান যুৱকে যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক আৰু তাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে মৃতদেহ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং