25.4 C
Guwahati
Thursday, October 14, 2021
More

    আন্তৰ্জাতিক নাৰী দিৱসত মাজুলিত মহিলাই পৰিৱেশন কৰিলে ভাওনা

    হিলা সকলে পৰিৱেশন কৰা নৃত্য আৰু ভাওনাই মুহিলে হাজাৰোধীক দৰ্শকক

    দ্বীপ জিলা মাজুলীৰ কমাৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে দেওবাৰে নিশা অনুষ্ঠিত হয় মহিলা ভাওনা৷ সন্ধ্যা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা মহিলা ভাওনাত দৰ্শকৰ বিপুল সহাৰি৷

    মনিকাঞ্চন লাইভৰ উদ্যোগত কমাৰগাঁও আঞ্চলিক ৰাইজ তথা মহিলা সকলৰ সহযোগত অনুষ্ঠিত হয় ‘দুষ্মন্ত শকুন্তলাৰ পুনৰ মিলন’ নামৰ ভাওনাভাগ৷ মহিলাৰ দুৰ্দান্ত অভিনয়ে আকৰ্ষিত কৰে উপস্থিত দৰ্শকক৷

    সাধাৰনতে সমগ্ৰ অসমতেই পুৰুষ সকলেহে ভাওনা প্ৰৰ্দশন কৰা পৰিলক্ষিত হয় যদিও মাজুলীৰ এই মহিলা সকল কিছু ব্যতিক্ৰম৷ এই মহিলা সকলে পৰিৱেশন কৰা নৃত্য আৰু ভাওনাই মুহিলে হাজাৰোধীক দৰ্শকক।

    Photo Credit: @kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং