27 C
Guwahati
Wednesday, June 7, 2023
More

    মেঘালয়ত এগৰাকী মহিলাসহ এটি শিশুক ধৰ্ষণ, আধা বাটৰ পলায়ন ধৃত ধৰ্ষণকাৰীৰ

    ৩ লম্পটে সংঘটিত কৰিছিল এই লজ্জাজনক ঘটনা।

    চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ ছলমানপাৰা আৰক্ষী থানা এলেকাৰ ছলমানপাৰা গাঁৱত এটি ৮ বছৰীয়া শিশুসহ এগৰাকী ৩০ বছৰীয়া মহিলাক ধৰ্ষণ। ৩ লম্পটে সংঘটিত কৰিছিল এই লজ্জাজনক ঘটনা। ধৰ্ষণ কৰাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এটা লম্পটক থানালৈ লৈ যোৱাৰ সময়তে আৰক্ষীৰ বাইকৰ পৰা জাপ মাৰি পলায়ন কৰে।

    আমপাতী থানা এলেকাৰ বেটাশিং গাঁৱৰ গাৰমেন এম মাৰাক নামৰ এজন যুৱকে ছেংচাং ডি শ্বীৰা নামৰ আন এজন যুৱকৰ সৈতে মিলি ৩০ বছৰীয়া এগৰাকী মহিলাক বিয়াৰ প্ৰলোভন দি দীৰ্ঘদিনে ধৰ্ষণ কৰি আহি আছিল।

    আনহাতে একেখন গাঁৱৰে এটি ৮ বছৰীয়া শিশু স্কুলৰ পৰা নিজৰ ঘৰলৈ যোৱাৰ পথতে চিচিম ডি শ্বীৰা নামৰ এটা লম্পটৰ কামনাৰ বলি হয়। কান্দি কান্দি এই ঘটনা পৰিয়ালক অৱগত কৰাৰ পাছত পৰিয়ালৰ লোকে যুৱকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে।

    ভুক্তভোগী ৩০ বছৰীয়া মহিলাগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰাত দুয়োটা ঘটনাক লৈ আৰক্ষীয়ে তদন্ত কৰাৰ পিছত মহিলা ধৰ্ষণকাৰী দুটাৰ ভিতৰত গাৰমেন এম মাৰাক নামৰ লম্পট যুৱকক আজি গাৰো পাহাৰ আৰক্ষীয়ে আটক কৰি বাইকযোগে থানালৈ নি থকা অৱস্থাত বাইকৰ পৰা জাপ মাৰি জংঘলৰ মাজত পলায়ন কৰে।

    বৰ্তমানেও ৮ বছৰীয়া শিশু ধৰ্ষণ কৰা অভিযুক্ত ধৰ্ষণকাৰীটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

    Guwahati | Edited by: Dulu Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং