27 C
Guwahati
Friday, September 30, 2022
More

    জঘন্য! দেহত গৰম পানী ঢালি স্বামীক হত্যাৰ অপচেষ্টা পত্নীৰ

    দুটাকৈ সন্তানৰ মাতৃ কুইনছিয়া ৰডিক্সে স্বামীৰ আগত তেওঁৰ সহপাঠী বুলি কৈ সত্যবিৰ নায়ৰ নামৰ এজন যুৱকৰ উপৰিও কেইবাজনো যুৱকৰ সৈতে ৰাখিছিল অবৈধ সম্পৰ্ক

    গাৰ নোম শিয়ৰি উঠা এক ঘটনা সংঘটিত হৈছে দুলীয়াজানত। প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যাৰ অপচেষ্টা পত্নীৰ। কথমপি প্ৰাণৰক্ষা দুৰ্ভগীয়া স্বামীৰ। দুলীয়াজানৰ এজন যুৱকে মুম্বাইৰ এগৰাকী যুৱতীৰ সৈতে আৱদ্ধ হৈছিল বিবাহপাশত। বিয়াৰ কিছুদিন পিছতে পত্নীৰ পৰকীয়া প্ৰেম ফাদিল কৰাৰ বাবেই প্ৰেমিকৰ সৈতে মিলি স্বামীৰ হত্যাৰ অপচেষ্টা চলালে পত্নী আৰু প্ৰেমিকে।

    ভুক্তভোগী যুৱক

    উল্লেখযোগ্য যে দুলীয়াজানৰ ২নং চলাকটকীৰ যুৱক ভৱিষ্যত বৰগোহাঁয়ে ২০০৮ চনতে কৰ্মসূত্ৰে মায়ানগৰী মুম্বাইলৈ যাওঁতে সেই স্থানতে চিনাকি হৈছিল মুম্বাইৰ নাইগাঁও ৱেষ্ট দাইকা পালগড়ৰৰ কুইনছিয়া ৰডিক্স নামৰ এগৰাকী যুৱতীৰ সৈতে আৰু এটা বছৰ প্ৰেমৰ অন্তত ২০১০ চনত দুয়ো আৱদ্ধ হয় বিবাহপাশত। ইফালে বিবাহৰ পিছৰে পৰা পত্নীয়ে দৈনিক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল স্বামী ভৱিষ্যতৰ ওপৰত।

    দুটাকৈ সন্তানৰ মাতৃ কুইনছিয়া ৰডিক্সে স্বামীৰ আগত তেওঁৰ সহপাঠী বুলি কৈ সত্যবিৰ নায়ৰ নামৰ এজন যুৱকৰ উপৰিও কেইবাজনো যুৱকৰ সৈতে ৰাখিছিল অবৈধ সম্পৰ্ক। শেহতীয়াকৈ এই সম্পৰ্ক স্বামীয়ে পোহৰলৈ অনাত প্ৰেমিকৰ লগত মিলি স্বামী ভৱিষ্যতক ভাতৰ লগত নিচাজাতীয় বস্তু মিহলাই অজ্ঞান কৰি হাত ভৰি বান্ধি কানত হেডফোন লগাই প্ৰায় ৩ ঘণ্টা সময় ধৰি হাতুৰি, মাৰটুলৰ লগতে বিভিন্ন সামগ্ৰীৰে স্বামীৰ ওপৰত চলাইছিল আক্ৰমণ। আনকি যুৱকজনৰ গাত ধালি দিয়া হৈছিল উতলা গৰম পানী

    ধৃত পত্নী

    পিছত যুৱকজনৰ জ্ঞান অহাৰ পিছতেই পত্নীৰ এই আক্ৰমণৰ পৰা কোনো মতে নিজৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় স্বামী। পিছত স্হানীয় লোকে দুৱাৰ ভাঙি যুৱকজনক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত মুম্বাইৰ মাণিকপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ পত্নী আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰে। আনহাতে মুম্বাই জে জে হস্পিতালত প্ৰায় এমাহ চিকিৎসাধীন হৈ থকাৰ পিছত দুলীয়াজানৰ নিজা বাসগৃহত উপস্থিত হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং