28 C
Guwahati
Wednesday, October 27, 2021
More

    প্ৰেম আৰু চাকৰি দিয়াৰ প্ৰলোভনেৰে গোৱালপাৰাৰ কিশোৰী হাৰিয়ানাত বিক্ৰী, গ্ৰেপ্তাৰ এজন

    আৰক্ষীয়ে তদন্ত কৰি যোৱা ৩ জানুৱাৰীত দক্ষিণ শালমাৰা জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত বেৰাভাঙ্গা গাঁৱৰ পৰা জিয়াৰুল ইছলামক গ্রেপ্তাৰ কৰে

    গোৱালপাৰাত সক্ৰিয় হৈ উঠিছে নাৰী সৰবৰাহকাৰী চক্ৰ। দৰিদ্ৰতা তথা নিৰক্ষৰতাৰ সুযোগ গ্রহণ কৰি নাৰীসৰবৰাহকাৰী চক্ৰই বিভিন্ন প্ৰলোভনৰে নাৰীসৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আছে। কিছু দিন পূৰ্বে গোৱালপাৰা আৰক্ষীয়ে গোৱালপাৰাৰ এগৰাকী মহিলাক ৰাজস্থানৰ পৰা উদ্ধাৰ কৰাৰ পিছত আন এগৰাকী কিশোৰীক সোমবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

    উল্লেখ্য যে গোৱালপাৰাৰ এগৰাকী কিশোৰী ১৪ ডিচেম্বৰত নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে বিভিন্ন স্থানত সন্ধান উলিয়াব চেষ্টা কৰিও নাপাই গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল কৰিছিল।আৰক্ষীয়ে তদন্ত কৰি নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলত পৰাৰ কথা উমান পাই গোচৰটো ৭৫১/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৩৬৬ ধাৰাত ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

    আৰক্ষীয়ে তদন্ত কৰি যোৱা ৩ জানুৱাৰীত দক্ষিণ শালমাৰা জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত বেৰাভাঙ্গা গাঁৱৰ পৰা জিয়াৰুল ইছলামক গ্রেপ্তাৰ কৰে। ধৃত জিয়াৰুল স্বীকাৰোক্তিৰ ওপৰত ভিত্তিত গোৱালপাৰা সদৰ থানাৰ আৰক্ষী পৰিদৰ্শক হেমন্ত বৰগোহাঁইৰ নেতৃত্বত আৰক্ষী উপ-পৰিদৰ্শক গুলজাৰ হুছেইন, নায়ক চন্দ্ৰমোহন বসুমতাৰী আৰু মহিলা কনিষ্টবল লতিকা বৰ্মনে হাৰিয়ানাৰ ভাট্টাখালা থানাৰ অন্তগর্ত কিলদাং গাঁৱৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

    ধৃত জিয়াৰুলে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি প্ৰথমে কিশোৰীগৰাকীৰ সৈতে প্ৰেম কৰে আৰু পিছত বিয়াৰ প্ৰস্তাৱ দিয়ে। শেহতীয়াকৈ লম্পট জিয়াৰুলে কিশোৰীগৰাকীক চাকৰি দিয়াৰ প্ৰলোভনৰে হাৰিয়ানাত লৈ ১.৫ লাখ টকাত বিক্ৰী কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং