23 C
Guwahati
Saturday, November 26, 2022
More

    আমানুষিক! যৌতুকৰ বাবে হাত-ভৰি বান্ধি জ্বলাই দিলে বোৱাৰীক

    প্ৰায় ১৫ দিন পূৰ্বে স্বামী হাইদৰে নিলোফাৰক মাতৃ পৰিয়ালৰ পৰা ৫ লাখ টকা আনিবলৈ দাবী কৰিছিল। এই কথা মাতৃ পৰিয়ালক অৱগত কৰিছিল মৃত কন্যা নিলোফাৰে

    ৰাজ্যত বৃদ্ধি পাইছে যৌতুকজনিত ঘটনা। পুনৰ যৌতুকৰ বাবে জ্বলাই দিলে এগৰাকী নৱ বিবাহিতা বোৱাৰীক। ৪ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা নিলুফাৰ বেগম নামৰ মহিলাগৰাকীক হাত ভৰি বান্ধি জ্বলাই দিলে স্বামী পৰিয়ালে। ডিব্ৰুগড়ৰ টিংৰাই চাৰিআলি ২নং টিংৰাই নেপালী গাঁৱত সংঘটিত হৈছে এই ঘটনা।

    চলিত বছৰৰ ৭ জুলাইত সম্পূৰ্ণ সামাজিক নীতি-নিয়মৰ মাজেৰে ২নং টিংৰাই নেপালী গাঁৱৰ হাইদৰ আলীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ডিব্ৰুগড়ৰ বকুলৰ খাইৰুন নিছা আৰু ছফিকুল হুছেইনৰ কন্যা নিলুফাৰ বেগমে। বিবাহৰ পিছৰে পৰা স্বামী হাইদৰ আৰু তেওঁৰ পৰিয়ালে নিলোফাৰৰ ওপৰত অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে নিলোফাৰৰ পৰিয়ালে।

    প্ৰায় ১৫ দিন পূৰ্বে স্বামী হাইদৰে নিলোফাৰক মাতৃ পৰিয়ালৰ পৰা ৫ লাখ টকা আনিবলৈ দাবী কৰিছিল। এই কথা মাতৃ পৰিয়ালক অৱগত কৰিছিল মৃত কন্যা নিলোফাৰে। দাবী কৰা ধন নিদিয়াৰ বাবে নিলোফাৰৰ হাত ভৰি বান্ধি ঘৰত জ্বলাই দিয়াৰ অভিযোগ তুলিছে নিলোফাৰৰ পৰিয়ালৰ লোকে।

    উল্লেখ্য যে বুধবাৰে পুৱা ২নং টিংৰাই নেপালী গাঁৱৰ স্থানীয় লোকে নিলোফাৰৰ পৰিয়ালক নিলোফাৰৰ মৃত্যু হোৱা বুলি খবৰ দিছিল আৰু লগে লগে নিলোফাৰৰ পৰিয়ালৰ লোক স্বামীগৃহত উপস্থিত হৈছিল। স্বামী হাইদৰৰ পৰিয়ালে নিলোফাৰে জুই লগাই আত্মহত্যা কৰা বুলি অন্য ৰূপ দিবলৈ চেষ্টা কৰে যদিও মৃতদেহ উদ্ধাৰৰ সময়ত নিলোফাৰৰ হাত দুখন বন্ধা অৱস্থাত থকা ঘটনাই এয়া যে এক হত্যাকাণ্ড স্পষ্ট কৰি দিয়ে।

    মৃত মহিলগৰাকীৰ পৰিয়াল আৰু সম্বন্ধীয় বহু লোক স্বামী হাইদৰৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে আটক কৰে অভিযুক্ত স্বামী হাইদৰ আলীক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং