15 C
Guwahati
Saturday, November 27, 2021
More

    মাছ ধৰা জালত উদ্ধাৰ মহিলাৰ মৃতদেহ, এই ঘটনা বিশ্বনাথৰ

    বিশ্বনাথ-পানপুৰ মথাউৰীৰ সমীপৰ ৫ নং কুমলীয়াৰ ঝুলাপাৰাত ব্রহ্মপুত্র নদীৰ সমীপতে থকা দ’ খাৱৈত পৰি কালি সন্ধাহীন হোৱা অচিনাকী মহিলাৰ মৃতদেহটো শুকুৰবাৰে উদ্ধাৰ হয়। স্থানীয় ৰাইজে আজি জাল মাৰি পুৱাৰে পৰা উদ্ধাৰ অভিযানত নামে আৰু অৱশেষত মহিলা গৰাকীৰ মৃতদেহ খেৱালি জালত লাগি আহে।

    প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে মহিলা গৰাকী খোজ কাঢ়ি আহি থকা অৱস্থাত শিঙিমাৰী প্ৰাথমিক বিদ্যালয়ৰ সমীপত থকা ব্ৰহ্মপুত্ৰৰ একেবাৰে দাঁতিকাষৰীয়া দ’খাৱৈত পৰি এই দুখজনক ঘটনা সংঘটিত হৈছিল। বৃহস্পতিবাৰে বিয়লি ঘটনাস্থলিত নদী আৰক্ষী উপস্থিত হয় যদিও এনডিআৰএফ নোহোৱাৰ বাবে নদী আৰক্ষীয়ে অভিযান চলাবলৈ সক্ষম হোৱা নাছিল।

    স্থানীয় ৰাইজে নাৱেৰে অভিযান চলাইছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল মহিলা গৰাকীৰ মৃতদেহ। সন্ধ্যা হোৱাৰ বাবে ৰাইজেও সামৰিব লগা হয় অভিযান। শুকুৰবাৰে পুৱাৰ ভাগত ৰাইজৰ জালত উদ্ধাৰ হয় অচিনাক্ত মহিলা গৰাকীৰ মৃতদেহ। অৱশ্যে এই পৰ্যন্ত চিনাক্ত হোৱা নাই মহিলা গৰাকীৰ মৃতদেহ।

    Photo Credit: @sayanika-deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং