ৰাজ্যত নিতৌ বাঢ়ি গৈছে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। বৰ্ধিত সংখ্যা নিতৌ হুৰাহুৰে বাঢ়ি মাথো ৬টা দিনতেই ১০০০ ৰ পৰা হৈছেগৈ ২০০০।
২৯ মে’ শুকুৰবাৰে নিশা ১১.৫৯ বজাত নতুনকৈ ৩৩ গৰাকী লোক আক্ৰান্ত হয় কৰ’ণা ভাইৰাছত।
এই বৃদ্ধিৰেই ১০৫৭ হয়গৈ ৰাজ্যৰ মুঠ কৰ’ণা আক্ৰান্তৰ সংখ্যা।
ইয়াৰ পূৰ্বে ১৭ মে’ শনিবাৰে ৰাজ্যত ১০০ৰ ঘৰ অতিক্ৰম কৰিছিল কৰ’ণা আক্ৰান্তৰ সংখ্যাই।
আৰু পঢ়ক: https://www.time8.in/withing-only-13-days-assam-cross-corona-positive-case-100-to-1000/
২৯ মে’ শুকুৰবাৰে নিশা ১১.৫৯ বজাত নতুনকৈ ৩৩ গৰাকী লোক আক্ৰান্ত হৈ পাৰ কৰে ১০৫৭ ৰ ঘৰ।
আৰু ৪ জুন বৃহস্পতিবাৰে নতুনকৈ ৮৫ গৰাকী এই ৰোগত ধৰা পৰি মুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ ২০৭৩ গৰাকী।
শেষ নিশা আৰু ৪২ গৰাকী ধৰা পৰে এই ৰোগত।
বিতংভাৱে বৰ্ধিত কৰ’ণা আক্ৰান্তৰ সংখ্যা
১৭ মে’ শনিবাৰৰ পিছত ২১ মে’ বৃহস্পতিবাৰে এই সংখ্য়াই অতিক্ৰম কৰে ২০০ৰ ঘৰ। সেই দিনটোত ২৫জন লোকৰ শৰীৰত মহামাৰী কৰ’ণাৰ উপস্থিতি ধৰা পৰে।
ইয়াৰে ৫জন শোণিতপুৰৰ, ৫জন কোকৰাঝাৰ, ৪জন বৰপেটাৰ, ২জন লখিমপুৰ, ২জন শিৱসাগৰ, ২জন ধুবুৰী, ২জন পশ্চিম কাৰ্বিআংলঙ, ডিব্ৰুগড়, দৰং আৰু ওদালগুৰিৰ একোজনকৈ লোক।
এই বৃদ্ধিৰে ৰাজ্যত মুঠ কৰ’ণাত আক্ৰান্তৰ সংখ্যা হয়গৈ ২১০জন।
২৫ মে’ সোমবাৰৰ দিনটোত ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৫ শতাধিক অতিক্ৰম কৰে। আক্ৰান্তৰ সংখ্যা হয়গৈ ৫৪৮জন।
২৯ মে’ত ১০০০ আৰু জুনৰ ২ তাৰিখে ১৫০০ৰ ঘৰ অতিক্ৰম। সেই দিনটোত আক্ৰান্তৰ সংখ্যা হয়হৈ ১৫১৩গৰাকী।
আৰু কেৱল মাত্ৰ দুটা দিনৰ পিছতে অন্য ৫০০ গৰাকী আক্ৰান্তৰে ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যাই পাৰ কৰে ২০০০ৰ ঘৰ।
বৰ্তমানে আসমত মুঠ কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ২১১৫ গৰাকী। কালিৰ দিনটোতেই মুঠ ২৮৫ গৰাকী আক্ৰান্ত হয়।
কৰ’ণাৰ পৰা কিমান সুৰক্ষিত অন্য সকল?
যদিও নিতৌ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈছে তথাপি ৰাজ্যবাসী বেছি ভয় খোৱাৰ কাৰণ নাই বুলি কৈছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কিয়নো বৰ্ধিত আক্ৰান্তৰ সংখ্যা বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা লোক সকলৰ মাজত হে দেখা দিছে। যি সকল পূৰ্বৰে পৰাই কোৱাৰাইণ্টাই চেণ্টাৰত আছে।
ইয়াৰ ওপৰিও পাৰ্যমানে অসমবাসী লোকক সুৰক্ষিত কৰি ৰাখিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
কোৱাৰাইণ্টাইনত থকা লোক সকলকো নিজৰ সুৰক্ষা বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাই আছে। নিজৰ লগতে পৰিয়ালৰো সুৰক্ষা কৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Photo Credit: @himantabiswa