মাজত মাথো দুটা সপ্তাহ, ১৭মে’ শনিবাৰে ১০০ আৰু ২৯মে’ শুকুৰবাৰে ১০০০। ৰাজ্যত হোৰাহোৰে বাঢ়িছে কৰ’ণা আক্ৰান্তৰ সংখ্যা। যোৱা নিশা ২৯ মে’ শুকুৰবাৰে নিশা ১১.৫৯ বজাত নতুনকৈ ৩৩ গৰাকী লোক আক্ৰান্ত হয় কৰ’ণা ভাইৰাছত। এই বৃদ্ধিৰেই ১০৫৭ হয়গৈ ৰাজ্যৰ মুঠ কৰ’ণা আক্ৰান্তৰ সংখ্যা। দিনটোত সৰ্বমুঠ ১৭৭জনৰ শৰীৰত ধৰা পৰে এই নৰসংহাৰ চলোৱা ভাইৰাছ।
১৭মে’ শনিবাৰৰ দিনটোত গুৱাহাটীত দুজনৰ দেহত কভিড-১৯, শিৱসাগৰৰ এজনৰ দেহত আৰু যোৰহাটত আন এজনৰ দেহত কভিড-১৯ ধৰা পৰিছিল। দিনটোৰ শেষৰ ফালে কাছাৰত আন এজনৰ দেহত কভিড-১৯ৰ উপস্থিতি ধৰা পৰিছিল। শেষৰ নিশা সৰুসজাই কোৱাৰাণ্টাইইন চেণ্টাৰত থকা তিনিজনৰ দেহত কৰ’ণা ধৰা পৰাৰ পাছতে ৰাজ্যত মুঠ কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই ১০০ৰ ঘৰ চুৱেগৈ।
আৰু ইয়াৰ পিছতে ২১ মে’ বৃহস্পতিবাৰে এই সংক্যাই অতিক্ৰম কৰে ২০০ৰ ঘৰ। সেই দিনটোত ২৫জন লোকৰ শৰীৰত মহামাৰী কৰ’ণাৰ উপস্থিতি ধৰা পৰে। ইয়াৰে ৫জন শোণিতপুৰৰ, ৫জন কোকৰাঝাৰ, ৪জন বৰপেটাৰ, ২জন লখিমপুৰ, ২জন শিৱসাগৰ, ২জন ধুবুৰী, ২জন পশ্চিম কাৰ্বিআংলঙ, ডিব্ৰুগড়, দৰং আৰু ওদালগুৰিৰ একোজনকৈ লোক। এই বৃদ্ধিৰে ৰাজ্যত মুঠ কৰ’ণাত আক্ৰান্তৰ সংখ্যা হয়গৈ ২১০জন।
ইয়াৰ পিছতে বহিঃৰাজ্যৰ পৰা অহা লোক সকসলৰ বাবে প্ৰতিদিনেই শ শ বা তাতোধিক লোক আক্ৰান্ত হয় এই মহামাৰী কৰ’ণাত। ২৫ মে’ সোমবাৰৰ দিনটোত ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৫ শতাধিক অতিক্ৰম কৰে। আক্ৰান্তৰ সংখ্যা হয়গৈ ৫৪৮জন।
Photo Credit: