29 C
Guwahati
Wednesday, October 13, 2021
More

    ডিঙি কাটি দিম! হাতত কুঠাৰ লৈ দলৰ নেতাকে ভাবুকি

    ভাইৰেল হোৱা এটা ভিডিঅ'ত মুখ্যমন্ত্ৰী খট্টৰে ক'লে এয়া কি কৰি আছা? ডিঙি কাটি দিম তোৰ। আঁতৰ হোৱা এফালে। এই সন্দৰ্ভত বিজেপি নেতাগৰাকীয়ে ক্ষমা খুজিলে মুখ্যমন্ত্ৰীগৰাকীক

    হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত, ভিডিঅ’টোত তেওঁ হাতত কুঠাৰ লৈ থিয় হৈ আছে। কুঠাৰ হাতত তুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনতাক ক’লে যে শত্ৰুক নাশ কৰাৰ উপায় হ’ল কুঠাৰ। ইয়াৰ মাজতে তেওঁৰ পাছফালে থিয় হৈ থকা এজন বিজেপি নেতাই তেওঁৰ শিৰত পৰম্পৰাগত টুপী এটা পিন্ধাবলৈ চেষ্টা কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে নেতাজনৰ এই কাণ্ডক পচন্দ নকৰিলে।

    বিজেপি নেতাগৰাকীয়ে যেতিয়াই তেওঁৰ শিৰত টুপী পিন্ধাবলৈ চেষ্টা কৰিলে সেই সময়তে মুখ্যমন্ত্ৰী খট্টৰে খঙত টিঙিৰি টোলা হৈ পৰিল আৰু ক’লে ‘তোৰ ডিঙি কাটি দিম’।

    ভাইৰেল হোৱা এটা ভিডিঅ’ত মুখ্যমন্ত্ৰী খট্টৰে ক’লে এয়া কি কৰি আছা? ডিঙি কাটি দিম তোৰ। আঁতৰ হোৱা এফালে। এই সন্দৰ্ভত বিজেপি নেতাগৰাকীয়ে ক্ষমা খুজিলে মুখ্যমন্ত্ৰীগৰাকীক। ভিডিঅ’টো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰণদীপ সিং ছুৰজেবালাই শ্বেয়াৰ কৰিছে।

    কংগ্ৰেছৰ মুখপাত্ৰই এই সন্দৰ্ভত ক’লে যে খং আৰু অহংকাৰ স্বাস্থ্যৰ বাবে হানিকাৰক। খট্টৰ জী আপোনাৰ ইমান খং কিয় উঠে? কুঠাৰ লৈ দলৰ নেতাকে কয়- ডিঙি কাটি দিম তোৰ। তেন্তে জনতাৰ সৈতে আপুনি কি কৰিব?

    Image Credit: thehindu.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং