ৰাজ্যত অব্যাহত লকডাউন। লকডাউনৰ মাজতে আজিৰে পৰা পুনৰ খুলি দিয়া হ’ল সুৰাৰ বিপণীসমূহ। কিন্তু যি সুৰাৰ বিপণীয়ে ষ্টকৰ হিচাপ দাখিল কৰিছে সেইসমূহ বিপণীয়ে খুলিব পাৰিব দোকান। খোল খোৱা দোকানসমূহে আৱকাৰী বিভাগে বান্ধি দিয়া ২৫ শতাংশ কৰৰ সৈতে বিক্ৰী কৰিব লাগিব সুৰা। প্ৰতিখন জিলাৰ আৱকাৰী বিভাগ আৰু প্ৰশাসনৰ অনুমতি সাপেক্ষ প্ৰযোজ্য হৈছে এই নিয়ম। যিসকলৰ সুৰাৰ বিপণীৰ হিচাপ আৱকাৰী বিভাগত দিয়া হৈছে সেইসকল বিপণীহে খোলা হৈছে।
উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়সীমা সমাপ্ত হোৱাৰ পূৰ্বে ২ মে’ত গ্ৰীণ জ’ন এলেকাসমূহত খুলি দিয়া হৈছিল সুৰাৰ বিপণীসমূহ। মৰিগাওঁ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ বাদে ৰাজ্যৰ আনকেইখন জিলাত খুলি দিয়া হৈছিল সুৰাৰ বিপণী। কিন্তু ৮ মে’ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত সুৰাৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা হৈছিল। বিলাতী সুৰাৰ মূল্য ২৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্যৰ কেবিনেটে। কৰণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছিল কেবিনেটে।
কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে ৯ মে’ত পুনৰ বন্ধ কৰি দিয়া হৈছিল সুৰা বিপণীসমূহ। মজুত থকা সুৰাৰ হিচাপ আবকাৰী বিভাগৰ জিলাৰ বিষয়াক দুপৰীয়া ২ বজাৰ ভিতৰত দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল। কৰবিহীনভাৱে কোনো কাৰণতে যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
Photo credit: english.sakshi.com