পুনৰ বৃদ্ধি কৰা হ’ল লকডাউনৰ সময়সীমা। ১৭ মে’লৈকে বৃদ্ধি হৈছে লকডাউন। কিন্তু এইবাৰৰ তৃতীয় পৰ্যায়ৰ লকডাউনত জিলা সমূহক ৩টা জনত ভাগ কৰিছে। অৰেঞ্জ, ৰেড আৰু গ্ৰীণৰ বাবে পৃথকভাৱে নিৰ্দেশনা প্ৰদান কৰা হৈছে। ৰেডৰ বাহিৰে অৰেঞ্জ আৰু গ্ৰীণত নীতি-নিয়মৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হ’ব।
এই লকডাউনৰ মাজতে সুৰাপায়ী সকলৰ বাবে আহিছে এটা ভাল খবৰ। আজিৰে পৰা গ্ৰীণ জ’নত খোল খাব সুৰাৰ বিপণী। আৱকাৰী বিভাগে জনাইছে এই কথা। মৰিগাওঁ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ বাদে ৰাজ্যৰ আনকেইখন জিলাত খোলা হ’ব সুৰাৰ বিপণী।

পূৰ্বে ৪ মে’ত খোলা কথা আছিল সুৰাৰ বিপণীসমূহ। পূৰ্বে নিৰ্ধাৰিত দামতে যদিও সুৰা বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰা হৈছে তথাপিও চৰকাৰে শীঘ্ৰে কৰ আৰোপ কৰি নতুন দাম নিৰ্ধাৰণৰ আছে পূৰ্ণ সম্ভাৱনা। গ্ৰাহক আৰু বিক্ৰেতাই মানি চলিব লাগিব সকলো নীতি নিৰ্দেশনা। একেসময়তে দোকানৰ সন্মুখত ৫জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব। ৬ ফুট দূৰত্ব বজাই ৰাখিহে ক্ৰয় কৰিব পাৰিব সুৰা।