চৰাইদেউত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। যোৱা নিশা পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱত বিধ্বস্ত হ’ল এটা পৰিয়ালৰ বাসগৃহ। চৰাইদেউ জিলাৰ সোণাৰিৰ গোৱালাপথাৰত যোৱা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই তচনচ কৰিলে গুণ্ডু গড়ৰ বাসগৃহ।

অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাক এটাই বাৰী তহিলং কৰা লগতে বাসগৃহ তচনচ কৰে। হাতীৰ আক্ৰমণৰ ৰক্ষা পাবলৈ প্ৰাণ বচাই কথমপি পলায়ন কৰে পৰিয়ালটো। বন বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই বনৰীয়া হাতীয়ে দীৰ্ঘদিন ধৰি চৰাইদেউত তাণ্ডৱ চলাই থকা পৰিলক্ষিত হৈছে।

Input & Photo: Hansang Konwar