12.5 C
Guwahati
Saturday, January 29, 2022
More

    ৰাজপথত বৰফে খেদিছে মানুহক, ক’ত বৰফৰ ভয়ত পলাল মানুহ?

    -১৭.৬ ডিগ্ৰী চেলচিয়াচলৈ নামিছে পাৰাস্তম্ভ

    ৰাজপথত বৰফৰ পাহাৰ। ক্ৰমান্বয়ে আগবাঢ়ি আহিছে মানুহৰ ফালে। হিমস্খলন হৈ পথৰ ওপৰতে পথাচাৰীৰ বাবে বাধা হৈ পৰিছে বৰফ। শিহৰণকাৰী এই দৃশ্য হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাত। বৰ্তমানে ৰাজ্যখনৰ বিভিন্ন ঠাইত এইদৰে বৰফ খহি আহি বাধা হৈ পৰিছে যাতায়তৰ বাবে।

    ৰাজ্যখনত সৰ্বমুঠ ৫৮৮টা পথ বৰফৰ বাবে বন্ধ কৰি দিয়া হৈছে। -১৭.৬ ডিগ্ৰী চেলচিয়াচলৈ নামিছে পাৰাস্তম্ভ। বৰ্তমানে ৰাজ্যখনৰ মুঠ ৮ জিলাৰ বিভিন্ন ঠাইত ১ৰ পৰা ৪ ফুট পৰ্যন্ত বৰফ জমা হৈছে। অধিক বৰফ পৰা বাবে এতিয়া বিভিন্ন ঠাইত বিদ্যুত সংযোগ ব্যাহত হোৱাৰ লগতে পানী যোগানো ব্যাহত হৈ পৰিছে।

    বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি সন্ধিয়ালৈ কুলু, মানালি, ছিমলা, কিন্নৌৰ, চম্বা আদি ঠাইত হিমস্খলন হোৱাৰ সম্ভাৱনা আছে। সেয়ে সুৰক্ষাজনিক কাৰণৰ বাবে সেইঠাইৰ মানুহক সজাগ হৈ থাকিবলৈ দিয়া হৈছে আৰু য’ত হিমস্খলন হোৱাৰ সম্ভাৱনা অধিক সেই স্থান সমূহৰ পৰা আঁতৰত থাকিবলৈ কৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং