31 C
Guwahati
Tuesday, October 4, 2022
More

    উত্তৰ-পূৱৰ ক’ত কৰিব পাৰিব কৰ’ণা ভাইৰাছৰ পৰীক্ষা? ICMRয়ে প্ৰকাশ কৰিলে তালিকা

    সমগ্ৰ দেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৩,৩৮৭

    বিশ্বত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ভাৰততো এতিয়া কৰ’ণাৰ কোপদৃষ্টি। প্ৰতিদিনে কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পাই গৈ আছে। সমগ্ৰ দেশত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৩,৩৮৭। ইয়াৰে মৃত্যুমুখত পৰিছে ৪৩৭জন। দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি আছে নে নাই সেয়া ১৭৬টা চৰকাৰী লেবৰেটৰী আৰু ৭৮টা ব্যক্তিগত লেবৰেটৰীত কৰিব পাৰিব পৰীক্ষা। লগতে তিনিটা কালেকশ্যন কেন্দ্ৰৰ এখন তালিকা প্ৰকাশ।

    অসমত কৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে পাঁচটা চৰকাৰী লেবৰেটৰী হৈছে অন্তৰ্ভুক্ত। GMCH, ৰিজ’নেল মেডিকেল ৰিচাৰ্ছ চেন্টাৰত কৰিব পাৰিব পৰীক্ষা। যোৰহাট মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজটো কৰিব পাৰিব পৰীক্ষা। লগতে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজটো এই পৰীক্ষা কৰা হ’ব।

    মণিপুৰত দুটা চৰকাৰী লেবৰেটৰীত কৰা হ’ব পৰীক্ষা। JNIMS আৰু RIMSত কৰা হ’ব পৰীক্ষা। মেঘালয়ত NEIGRIHMS আৰু মিজোৰামত জোৰাম মেডিকেল কলেজত হ’ব পৰীক্ষা।আগৰতলাৰ চৰকাৰী মেডিকেল কলেজ হৈছে ত্ৰিপুৰাৰ একমাত্ৰ চৰকাৰী লেবৰেটৰী। ICMRৰ দ্বাৰা তালিকাভুক্ত হৈছে তিনিটা কালেকশ্যন চেন্টাৰ।ইয়াৰে দুটা আছে উত্তৰ পূৰ্বাঞ্চলত।

    Photo Credit: Narayana Health

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং