26 C
Guwahati
Sunday, October 24, 2021
More

    ‘ধৰ্ষণটো হোৱা নাই, যেতিয়া হ’ব তেতিয়া আহিব’; উন্নাও আৰক্ষীৰ অৱহেলাৰ এক নতুন ঘটনা

    মহিলাগৰাকীয়ে ক'লে যে কেইটামান মাহ পূৰ্বে গাঁৱৰে ৩জন লোকে তেওঁৰ সৈতে কু-কৰ্ম কৰাৰ চেষ্টা চলাইছিল

    ধৰ্ষণকাৰীয়ে জীৱিত অৱস্থাত জ্বলাই দিয়া উন্নাও কাণ্ডৰ পীড়িত যুৱতীৰ মৃত্যুৰ পিছত শান্ত হোৱা নাই সমগ্ৰ দেশ। কিন্তু আঁতৰা নাই উন্নাও আৰক্ষীৰ পুৰণি নিৰ্দয়ী স্ৱভাৱ। তথ্য অনুসৰি হিন্দুপুৰ গাঁও য’ত উন্নাও পীড়িত যুৱতীগৰাকীক জীৱিত অৱস্থাত জ্বলাই দিছিল কেইটামান পাষণ্ডই, সেই একে স্থানতে অনুৰূপ ঘটনাৰ অভিযোগ তুলি এগৰাকী মহিলাই গোচৰ ৰুজু কৰিছিল উন্নাও থানাত কিন্তু আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ অমান্তি হয়। আৰক্ষীয়ে মহিলাগৰাকীক ক’লে যে যেতিয়া ধৰ্ষণ হয় তেতিয়া আহিব আৰু তেতিয়াই গোচৰ ৰুজু কৰিম। আৰক্ষী থানাত আৰক্ষীয়ে ক’লে যে ‘ধৰ্ষণটো হোৱা নাই, যেতিয়া হয় তেতিয়া আহিব।’

    মহিলাগৰাকীয়ে ক’লে যে কেইটামান মাহ পূৰ্বে গাঁৱৰে ৩জন লোকে তেওঁৰ সৈতে কু-কৰ্ম কৰাৰ চেষ্টা চলাইছিল। তেওঁ ক’লে মই ঔষধ ক্ৰয় কৰিবলৈ গৈ আছিলো। সেই সময়তে তিনিওজনে মোক ঘেৰাও কৰিছিল আৰু মোৰ কাপোৰ টানিবলৈ আৰম্ভ কৰিছিল। মোৰ লগত ধৰ্ষণ কৰাৰ চেষ্টা চলাইছিল। মহিলাগৰাকীয়ে অভিযুক্তৰ পৰিচয়ো উদ্ধাৰ কৰিছিল। ইয়াৰ পিছত মহিলাগৰাকী যেতিয়া আৰক্ষীৰ ওচৰ চাপিছিল তেতিয়া তেওঁলোকে এনেদৰে কৈছিল মোক।

    মহিলাগৰাকীৰ মন্তব্য অনুসৰি তেওঁ ৩ মাহ ধৰি থানাত অহা-যোৱা কৰি আছে কিন্তু কোনেও ঘটনাটো ৰুজু নকৰিলে। গোচৰ ৰুজু কৰিলে মহিলাগৰাকীক প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰাৰ অভিযোগ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং