22 C
Guwahati
Sunday, December 5, 2021
More

    অসমত ৰেড,অৰেঞ্জ আৰু গ্ৰীণ জন আছে; প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত গ্ৰীণ জনত দোকান খোলা হৈছেঃ সৰ্বানন্দ সোণোৱাল

    চীনৰ পৰা আহিছে গাহৰি ৰোগৰ বীজাণু। চীন-তীব্বতত বেমাৰী গাহৰি উটুৱাই দিছিল পানীত। জোনাইত প্ৰথম সংক্ৰমিত হৈছে গাহৰি। অৰুণাচলত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু, এই কথা প্ৰকাশ কৰিলে পশুপালন মন্ত্ৰী অতুল বৰাই

    ‘জনতাই সন্মুখীন হোৱা অৰ্থনৈতিক সমস্যাক লৈ অৰ্থনীতিবিদৰ সৈতে আলোচনাত মিলিত হ’লো। ২৯গৰাকী অৰ্থনীতিবিদে পৰামৰ্শ আগবঢ়াইছে। কৃষি, উদ্যোগ, বাণিজ্য সকলো দিশত হ্ৰস্ব আৰু দীৰ্ঘম্যাদী আঁচনি লোৱাৰ পৰামৰ্শ দিছে। সম্পদৰ সম্ভাৱনাক আগুৱাই নিবলৈ আৰু অৰ্থনৈতিক কাম কাজ আগবঢ়াবলৈ পৰামৰ্শ দিছে। কৰ’ণাৰ বিৰুদ্ধে যুঁজখন চলাই নিবলৈ কোৱা হৈছে। ১০০দিনীয়া কৰ্মসূচী লোৱাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।’- খানাপাৰাত অনুষ্ঠিত বৈঠকত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

    ‘টাস্ক ফ’ৰ্চ গঠন কৰি কৃষক, শ্ৰমিক আৰু শিপিনীক সহায় কৰাৰ পৰামৰ্শ দিছে। অৰ্থনীতিৰ বুনিয়াদ গঢ়িবলৈ পৰামৰ্শ দিয়াৰ লগতে সম্ভাৱনা থকা সকলো ক্ষেত্ৰত বিনিয়োগৰ পৰামৰ্শ প্ৰদান কৰিছে অৰ্থনীতিবিদে। যোগ্য যুৱকক টাস্ক ফ’ৰ্চত নিয়োগ কৰাৰো পৰামৰ্শ দিছে। বিত্ত মন্ত্ৰীয়ে দিয়া তথ্য ভিত্তিক প্ৰতিবেদনৰ ভিত্তিত অৰ্থনীতিবিদসকলে পৰামৰ্শ প্ৰদান কৰিছে।’- বৈঠকত এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

    দৃঢ় বিশ্বাস আমি অৰ্থনৈতিক দিশত পুনৰ টনকিয়াল কৰিব পাৰিম। যিবোৰ ছেক্টৰত ব্যয় কৰিব লাগে তাত প্ৰাইৰিটিৰ ভিত্তিত ব্যয়ৰ পৰামৰ্শও প্ৰদান কৰিছে অৰ্থনীতিবিদসকলে। বাণিজ্য আৰম্ভ কৰাৰ পৰামৰ্শ দিছে যাতে কৰ ৰাজহ সংগ্ৰহ কৰিব পাৰো। স্বাস্থ্য বিভাগৰ পৰামৰ্শৰ ভিত্তিত আমি লগতে এই কামবোৰ আৰম্ভ কৰিম বুলিও সংবাদমাধ্যমৰ আগত জনাই মুখ্যমন্ত্ৰী সোণোৱালে।

    ‘আমি এতিয়াও সংকটমুক্ত নহয়। ৰাইজে ধৈৰ্য ধৰক এই সময়ত। অসমত ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জন আছে। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত গ্ৰীণ জনত দোকান খোলা হৈছে। তিনি মে’ৰ পিছত বাকী দুটা জনত পৰামৰ্শৰ ভিত্তিত সিদ্ধান্ত লোৱা হ’ব। সকলোকে সামাজিক ব্যৱধান বৰ্তাই ৰখাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী সোণোৱালে।

    ‘চীনৰ পৰা আহিছে গাহৰি ৰোগৰ বীজাণু। চীন-তীব্বতত বেমাৰী গাহৰি উটুৱাই দিছিল পানীত। জোনাইত প্ৰথম সংক্ৰমিত হৈছে গাহৰি। অৰুণাচলত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু। চিকিৎসকৰ সেয়ে ধাৰণা চীনৰ পৰা আহিছে ৰোগৰ বীজাণু। ভূপালৰ পৰা আজি বা কাইলৈ আহিব নমুনা পৰীক্ষাৰ ৰিজাল্ট।’- বৈঠকত এই কথা প্ৰকাশ কৰিলে পশুপালন মন্ত্ৰী অতুল বৰাই। অসমত বৰ্তমান ৮০০ বনৰীয়া গাহৰি আছে। বনৰীয়া গাহৰি সংক্ৰমিত হ’বলৈ হ’লে ভয়াৱহ হ’ব। ৬খন জিলাক বাদ দি গাহৰি মাংস বিক্ৰী আৰু খোৱাত বাধা নাই বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে।

    Photo credit: Twitter(SarbanandaSonowal)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং