28 C
Guwahati
Wednesday, October 27, 2021
More

    আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম উজ্বলালে ৯সন্তানে, Mr Universe খিতাপ দখল দ্বীপজ্যোতি বড়োৰ

    যোৱা ৩০ নৱেম্বৰত থাইলেণ্ডৰ পাটিয়া চহৰত অনুস্থিত হোৱা দেহশ্ৰী প্ৰতিযোগীতাত প্ৰায় ২৫০ৰো অধিক লোকক পৰাভুত কৰি আজুৰি আনে পদক

    আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম উজ্বলালে অসমৰ ৯গৰাকী সন্তানে। ৱৰ্ল্ড বডী বিল্ডিং ফেদাৰেচন চমুকৈ WBBFয়ে আয়োজন কৰা Mr Universe দেহশ্ৰী প্ৰতিযোগীতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি অসমৰ নাম উজ্বলালে ৯গৰাকীকৈ অসম সন্তানে । Mr Universe দেহশ্ৰী প্ৰতিযোগীতাত বিভিন্ন শাখাত আজুৰি আনিলে পদক।

    যোৱা ৩০ নৱেম্বৰত থাইলেণ্ডৰ পাটিয়া চহৰত অনুস্থিত হোৱা দেহশ্ৰী প্ৰতিযোগীতাত প্ৰায় ২৫০ৰো অধিক লোকক পৰাভুত কৰি আজুৰি আনে পদক। দ্বীপজ্যোতি বড়োৱে Mr Universe fitness modal overall, Mr Asia Overall, Mr Universe খিতাপ দখল কৰি সোণৰ পদক।

    Photo: Time8

    অম্লানজ্যোতি ৰাভাও লাভ কৰিলে সোণৰ পদক আৰু ভাস্কৰজ্যোতিয়ে দুটা শিতানত লাভ কৰিলে ৰূপৰ পদক। একদৰে বিভিন্ন শিতানত বিজুৰাম বড়ো, অতনু বৰুৱা, মনজিত পাল, প্ৰসেনজিত কৰ্মকাৰ, মৃণাল ঠাকুৰীয়া আৰু ৰাহুল কলিতাও ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    আজি থাইলেণ্ডৰ পৰা দলটো আহি উপস্থিত হয় নিজ মাতৃভুমিত। বৰঝাৰ বিমানবন্দৰত আটাইকেইজন উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনাই বিভিন্ন দল-সংগঠনে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং