অসম আৰোগ্য নিধিলৈ ৰাইজে দিয়া সাহায্যৰ বৰঙণিয়ে পাৰ কৰিলে ১০০ কোটিৰ ঘৰ। জটিল সন্ধিক্ষণত মুক্ত হস্তে দান-বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ নিজৰ টুইটাৰ একাণ্টৰ জৰিয়তে ধন্যবাদ জ্ঞাপন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম আৰোগ্য নিধিৰ আঁচনিৰ অধীনত জমা হ’ল এই ধনৰাশি। ৰাজ্যৰ মুঠ ৪৬,৪৭০গৰাকী লোকে কৰ’ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্য আগবঢ়ালে ১০০.৫০কোটি টকা।
ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলে এদিনৰ দৰমহা দিয়াৰ সিদ্ধান্তৰ পিছতে এইদৰে বৃদ্ধি পালে জমা হোৱা ধনৰ পৰিমাণ। আনহাতে মন্ত্ৰীগৰাকীয়ে এই শতকক অন্য কোনো শতকৰ দৰে নহয় বুলি কৈছে। লগতে টুইটাৰত মন্ত্ৰীগৰাকীয়ে ইয়াকো লিখিছে যে, অসম আৰোগ্য নিধিলৈ আগবঢ়োৱা ১০০.৫০ কোটি টকাৰ বৰঙণিৰ বাবে ৪৬,৪৭০গৰাকী ব্যক্তিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন৷ ৰাজ্যিক কৰ্মচাৰীসকলে এদিনৰ দৰমহা আগবঢ়োৱাৰ ফলত দ্ৰুত গতিত ইমানখিনি ধন সংগ্ৰহ সম্ভৱপৰ হৈ উঠিল৷
Photo Credit: @himantabiswa