16 C
Guwahati
Friday, December 3, 2021
More

    বন্ধ হ’ব ৩টা বৃহৎ টেলিকম কোম্পানী! কোটি কোটি গ্ৰাহকৰ ওপৰত পৰিব প্ৰভাৱ

    কিছুদিন পূৰ্বে AGRৰ ওপৰত উচ্চতম ন্যায়ালয়ে দিয়া আদেশৰ পিছৰে পৰা কোম্পানীসমূহে সন্মুখীন কৰিবলগীয়া হৈছে বহু সমস্যাৰ

    দিগ্গজ টেলিকম কোম্পানী Vodafone, Idea আৰু Bharti airtel হ’ব পাৰে বন্ধ। কোটি কোটি গ্ৰাহকে সন্মুখীন হ’ব লাগিব বহু সমস্যাৰ। কিছুদিন পূৰ্বে AGRৰ ওপৰত উচ্চতম ন্যায়ালয়ে দিয়া আদেশৰ পিছৰে পৰা কোম্পানীসমূহে সন্মুখীন কৰিবলগীয়া হৈছে বহু সমস্যাৰ। ইয়াৰ বাবে কৰ্পৰেটৰ ইতিহাসত দ্বিতীয় কোৱাৰ্টাৰত কোম্পানীৰ বৰ্তমানলৈ আটাইতকৈ বেছি ক্ষয়-ক্ষতি হৈছে। মুঠ ৭৪,০০০ কোটি টকাৰ ক্ষতি হৈছে কোম্পানীসমূহৰ।

    চলিত সপ্তাহতে আদিত্য বিৰলা গ্ৰুপে কৈছিল যে যদি চৰকাৰে AGR সন্দৰ্ভত ৩৯ হাজাৰ কোটি টকাতকৈ অধিক লেনদেনত বেছি ৰেহাই নাপায় আৰু সেই কোম্পানীত আৰু বিনিয়োগ কৰা নহয়। তেন্তে জুৰুলা হৈ পৰিব Vodafone আৰু Idea।

    ভাৰতৰ সৰ্বোচ্চ আদালতে বিগত মাহত দুৰসংযোগ বিভাগৰ লেবী(Levy) আৰু সুতৰ আধাৰত ১৩ বিলিয়ন ডলাৰৰ দাবী যুক্তিসংগত বুলি কৈছিল, যাৰ দ্বাৰা Vodafone, Idea আৰু Bharti airtelৰ শ্বেয়াৰৰ মাজত সৃষ্টি হৈছিল তীব্ৰ জোঁকাৰণিৰ। এইৱোৰ কাৰণতে টেলিকম কোম্পানীসমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল।

    দ্বিতীয় কোৱাৰ্টাৰত ৫০, ৯২১ কোটি টকাৰ ক্ষতি হৈছিল Vodafone আৰু Ideaৰ। ইয়াৰ পূৰ্বে বিগত বছৰৰ দ্বিতীয় কোৱাৰ্টাৰত কোম্পানীৰ লোকচান হৈছিল ৪, ৯৪৭ কোটি টকা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং