30 C
Guwahati
Saturday, October 23, 2021
More

    উত্তৰ প্ৰদেশত কা বিৰোধী প্ৰতিবাদত প্ৰাণ গ’ল ৯ জন লোকৰ

    ১৫ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে

    কা বিৰোধী প্ৰতিবাদে সমগ্ৰ দেশতে ইমূৰৰ পৰা সিমূৰলৈ জ্বলাইছে জুই। উত্তৰ প্ৰদেশত কা বিৰোধী প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ উঠিছে।

    প্ৰতিবাদৰ মাজতে সৃষ্টি হোৱা উত্তপ্ত আৰু হিংসাত্মক কাৰ্যকলাপৰ ফলত এতিয়ালৈকে মৃত্যুমুখত পৰিছে ৯ জন লোক। ১৫ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

    পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ ৰাজ্যখনত ইতিমধ্যে জাৰি কৰা হৈছে ১৪৪ ধাৰা। আইন হাতত তুলি নল’বলৈ ৰাজ্যবাসীক অনুৰোধ তথা আহ্বান জনাইছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

    Photo Credit: India Today

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং