25.8 C
Guwahati
Sunday, October 17, 2021
More

    নিশাৰ ভিতৰতে গঢ়ি উঠিছে এখন গাঁও, টকাৰ লোভত গাঁওবুঢ়াই নিজেও আগবঢ়াইছে সহায়ৰ হাত

    জলাশয়তে গঢ়ি উঠিছে তিনিশৰো অধিক বাসগৃহ লগতে নামঘৰ

    নগাঁৱৰ বৰক’লা জলাহত অবৈধ বেদখল৷ নিশাৰ ভিতৰতে বৰক’লা গেজিং ৰিজাৰ্ভত অবৈধ ভাৱে গঢ়ি উঠিছে গাঁও। বেদখলকাৰীয়ে চৰকাৰী ভূমিত সাজি গৈছে ইটোৰ পিছত সিটোকৈ বাসগৃহ৷ কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন, কিন্তু ক’ৰ পৰা আহিছে এইসকল লোক।

    নগাঁৱৰ বৰক’লা জলাহত একাংশ দালালে এখন সমিতি বনাই ধন সংগ্ৰহৰ আশাত এনেদৰে চৰকাৰী ভূমি বেদখলকাৰীক এৰি দিয়াত বিপদত পৰিছে বৰক’লা ৰাইজ। গৰু চৰা গেজিং ৰিজাৰ্ভত দালাল সমিতিৰ লগতে শিক্ষক গাওঁবুঢ়া জড়িত হৈ পৰিছে চৰকাৰী ভূমি ব্যৱসায়ীত।

    দালাল সমিতিৰ জৰিয়তে বিভিন্ন স্থানৰ পৰা আহি জলাশয়ত এতিয়া গঢ়ি উঠিছে তিনিশৰো অধিক বাসগৃহ লগতে নামঘৰ। যাৰ ফলত স্থানীয় বৰক’লা বাসীলৈ এক ভাবুকি কঢ়িয়াই আনিছে।

    Photo Credit: Rupjyoti Bhuyan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং