20 C
Guwahati
Friday, January 28, 2022
More

    পলাবলৈ আছিল যদি আত্মসমৰ্পণ কিয় কৰিলে? বিকাশ ডুবেৰ এনকাউণ্টাৰক লৈ কংগ্ৰেছৰ ১৩টা প্ৰশ্ন

    মধ্যপ্ৰদেশৰ উজ্জেনত মহাকাল মন্দিৰৰ বাহিৰত বৃহস্পতিবাৰে পুৱা গ্ৰেপ্তাৰ হোৱা গেংগষ্টাৰ বিকাশ ডুবেৰ প্ৰায় ২৪ ঘণ্টাৰ ভিতৰত এনকাউণ্টাৰত মৃত্যু হয়।

    আৰক্ষীয়ে জনোৱা অনুসৰি গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

    বিকাশ ডুবেৰ লগত থকা ৪জন আৰক্ষীও আহত হয়।

    বিকাশ ডুবেই আৰক্ষী এজনৰ পৰা পিষ্টল কাঢ়ি লৈছিল আৰু পলাবলৈ চেষ্টা চলাইছিল।

    পলায়নৰ চেষ্টা চলাওতে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয়।

    আহত অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু হয় বিকাশ ডুবেৰ।

    কিন্তু আৰক্ষীৰ এই কথা ভুল বুলি মন্তব্য কৰে ৰাজনৈতিক দলে।

    অখিলেশ যাদৱে এই সন্দৰ্ভত ক’লে যে যদি বিকাশ জীয়াই থাকিল হয় তেন্তে যোগী চৰকাৰ নাথাকিল হয়।

    কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে শ্বায়েৰী সুৰত লিখিলে- কেইবাটাও উত্তৰতকৈ ভাল তেওঁৰ নিৰৱতা, কিমান যে প্ৰশ্নৰ উত্তৰ আঁৰত লুকাই থাকিল।

    কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰজেবালাই মিডিয়াক সম্বোধন কৰি কয় যে,

    উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰৰ নেতৃত্বত অপৰাধ প্ৰদেশলৈ ৰূপান্তৰিত কৰা হৈছে।

    বিকাশ ডুবে সংগঠিত অপৰাধৰ এটা অংশ আছিল।

    সেই সংগঠিত অপৰাধৰ প্ৰধান আচলতে কোন?

    বিকাশ ডুবেৰ এনকাউণ্টাৰৰ পিছত বহু প্ৰশ্ন সকলোৰে মনত উত্থাপন হৈছে।

    আৰু ইয়াৰ উত্তৰ আদিত্যনাথ চৰকাৰে দিব লাগিব।

    কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ১০টাতকৈ অধিক প্ৰশ্ন উত্থাপন কৰে-

    ১. বিকাশ ডুবে শাসনত বহি থকা লোকৰ ৰাজকীয় আছিল নেকি?

    শাসনৰ শীৰ্ষত বহি থকা লোকৰ পৃষ্ঠপোষকতা আছিল নেকি?

    ২. বিকাশে কি ৰহস্য লুকাই আছিল?

    ৩. বিকাশ ডুবেৰ নাম ২৫টা মোষ্ট ৱাণ্টেড অপৰাধীৰ তালিকাত কিয় নাছিল?

    ৪. এই এনকাউণ্টাৰক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে, যদি তেওঁ পলাবলৈয়ে বিচাৰিছিল,

    তেন্তে উজ্জেনত গৈ কিয় আত্মসমৰ্পণ কৰিলে?

    ৫. মিডিয়াক কিয় এনকাউণ্টাৰ স্পটটত যোৱাত বাধা প্ৰদান কৰা হ’ল?

    ৬. বিকাশ ডুবেক প্ৰথমে বিমানেৰে অনাৰ কথা আছিল, পিছত এয়া কিয় সলনি কৰা হ’ল?

    ৭. বিকাশ ডুবেক দুৰ্ঘটনাৰ পূৰ্বে ছাফাৰী গাড়ীত দেখা গৈছিল।

    দুৰ্ঘটনা অন্য এখন গাড়ীত হৈছিল কিন্তু এতিয়া অন্য কথাহে কৈ আছে।

    ৮. বিকাশৰ এখন ভৰিত ৰড লাগি আছিল তেন্তে পলাবলৈ চেষ্টা কেনেকৈ কৰিব পাৰিব?

    ৯. যদি তেওঁ পলাবলৈ চেষ্টা কৰিছিল তেন্তে আৰক্ষীৰ গুলী বুকুত কেনেকৈ লাগিল?

    ১০. ঘটনাস্থলীত গাড়ী পিছলি যোৱাৰ কোনো চিহ্ন নাছিল?

    ১১. যদি বিকাশে পলাবলৈ ওলাইছিল তেন্তে তেওঁৰ কাপোৰ শুকান কেনেকৈ আছিল,

    বোকাৰ দাগ কিয় নাছিল?

    ১২. বিকাশ ডুবেৰ এনকাউণ্টাৰ সঁচাৰ এনকাউণ্টাৰ। যাতে প্ৰকৃত কথা লুকাব পাৰে।

    ১৩. বিকাশৰ পিছত থিয় হৈ থকা লোকৰ মুখ ৰাজহুৱা কৰিলেহে কানপুৰ শ্বুট আউটত শ্বহীদ হোৱা জোৱানৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি দিয়া হ’ব।

    উল্লেখ্য যে কুখ্যাত অপৰাধী তথা কানপুৰৰ বিকৰু গাঁৱত ৮ গৰাকী আৰক্ষী কৰ্মীক হত্যা কৰা সন্দৰ্ভত

    মূল অপৰাধী বিকাশ ডুবে কানপুৰৰ ভোতী এলেকাত আৰক্ষীৰ সংৰ্ঘষত মৃত্যু হয়।

    Photo Credit: India Today

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং