25 C
Guwahati
Wednesday, October 20, 2021
More

    বাইকত অহা বান্দৰে চুচৰাই লৈ যায় এটি কণমানিক, চাওক VIDEO

    মাৰ্ক ৰেয়ন নামৰ এজন টুইটাৰ ইউজাৰে শ্বেয়াৰ কৰিছিল। লোকজনে লিখিলে যে, ‘বান্দৰ বাইক চলাই আহে আৰু এটি কণমানিক টানি নিবলৈ চেষ্টা চলায়

    প্ৰতিটো খবৰ কেৱল কৰ’ণা ভাইৰাছ, লকডাউন বা সামাজিক দূৰত্বৰ লগতে যে জড়িত হ’ব সেইটো আৱশ্যক নহয়। এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত এটা শিশু খেলি থকা দেখা গৈছে। হঠাৎ এটা বান্দৰ সৰু ল’ৰা-ছোৱালীয়ে খেলা বাইকত বহি আহে আৰু এটি কণমানিক চুচৰাই লৈ যায়। ৰাজপথৰ কিছু দূৰত্বলৈ কণমানিটিক টানি-আজুৰি লৈ যায়। এতিয়া আপোনালোকে ভাবিছে নিশ্চয় যে বান্দৰে এই কাম কেনেদৰে কৰিব পাৰে, কিন্তু আপোনালোকৰ এইটো ভুল ধাৰণা যিটো ভিডিঅ’ প্ৰত্যক্ষ কৰিলে আঁতৰি যাব।

    মাৰ্ক ৰেয়ন নামৰ এজন টুইটাৰ ইউজাৰে শ্বেয়াৰ কৰিছিল। লোকজনে লিখিলে যে, ‘বান্দৰ বাইক চলাই আহে আৰু এটি কণমানিক টানি নিবলৈ চেষ্টা চলায়। এই ভিডিঅ’টো প্ৰায় ৪০ লাখ লোকে প্ৰত্যক্ষ কৰে। ভিডিঅ’টোত দেখা পোৱা গৈছে যে কেনেদৰে এটা বান্দৰে কণমানিটিক টানি বগৰাই দিয়ে, পিছত টানি নিজৰ লগত লৈ যোৱাৰ চেষ্টা চলায়। কিন্তু সেই সময়তে এজন লোক আহি শিশুটিক ৰক্ষা কৰে।

    ভিডিঅ’ চাই বিভিন্নজনৰ প্ৰতিক্ৰিয়া-

    কিন্তু এই কথা এতিয়ালৈ গম পোৱা হোৱা নাই যে ভিডিঅ’টো কোন স্থানৰ।

    Photo credit: navbharattimes.indiatimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং