27 C
Guwahati
Monday, November 29, 2021
More

    প্ৰবীণ সাংবাদিক, অধ্যাপক তথা অসম আৰু ভাষা আন্দোলনকাৰী গুণ বৰুৱাৰ দেহাৱসান

    অসমৰ প্ৰবীণ সাংবাদিক অধ্যাপক তথা অসম আৰু ভাষা আন্দোলনকাৰী গুণ বৰুৱাৰ দেহাৱসান। ৮০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে।

    শিৱসাগৰৰ মেলাচকৰৰ বাসগৃহত আজি ইং ১৬জুন মঙৱবাৰে দিনৰ ১১.৪৩ বজাত দেহাৱসান ঘটে গুণ বৰুৱাৰ।

    দৈনিক জনমভূমিৰ জন্মলগ্নৰে পৰা বৰুৱা আছিল শিৱসাগৰ সদৰৰ সাংবাদিক। লাভ কৰিছিল কনক চন্দ্ৰ শৰ্মা সাংবাদিক বঁটা।

    অধ্যাপক হিচাপেও আছিল তেখেতৰ পৰিচয়। জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ পৰা বুৰঞ্জী বিভাগব মুৰব্বী প্রৱক্তা হিচাপে অৱসৰ।

    ১৯৪০ চনত জন্ম হৈছিল গুণ বৰুৱাৰ। প্ৰখ্যাত সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ সহোদৰ আছিল গুণ বৰুৱা।

    শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সুদীৰ্ঘ কালৰ সম্পাদক আছিল গুণ বৰুৱা। প্ৰস্তুত হৈ উঠিছিল গুণ বৰুৱাৰ অভিনন্দন গ্ৰন্থ ‘গুণাকৰ’।

    সোমবাৰে সম্পন্ন হৈছিল সম্পাদনাৰ কামো। পিছে উন্মোচনৰ পূৰ্বেই দেহাৱসান প্ৰবীণ সাংবাদিকজনৰ।

    গুণ বৰুৱাৰ শিক্ষা আৰু কৰ্মজীৱনঃ

    শিক্ষাঃ-
    স্কুলীয়া শিক্ষা বৈছাহাবি প্রাথমিক বিদ্যালয়, বজাবাৰী আৰু চেলেংহাট আৰু শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহমুখী বিদ্যালয়।
    কলেজীয়া শিক্ষা
    ক) চেইন্ট এডমাগুচ কলেজ, শ্বিলং।
    খ) কটন কলেজ, গুৱাহাটী।
    গ) শিৱসাগৰ মহাবিদ্যালয়, জয়সাগৰ।
    উচ্চ শিক্ষা
    ক) স্নাতকোত্তৰ, গুৱাহাটী বিশ্ববিদ্যালয় (বুবঞ্জী)
    খ) আইন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়। (অসম্পূর্ণ)।

    কর্মজীৱনঃ-
    ক) ভাগৱতী প্রসাদ বৰা সোঁৱৰণী বিদ্যালয়, সােণাৰি।
    খ) দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়
    গ) ১৯৬৬ চনত জাঁজী হেমনাথ শর্মা মহাবিদ্যালয়ত প্রৱক্তা হিচাপে যােগদান।
    ঘ) ২০০০ চনৰ ২৯ ফেব্রুবাবীত বুৰঞ্জী বিভাগৰ মুৰব্বী প্রৱক্তা হিচাপে অবসৰ।

    ছাত্রনেতা হিচাপেঃ-
    ক) সাধাৰণ সম্পাদক, শিৱসাগৰ জিলা ছাত্র সংস্থা।
    খ) সভাপতি, আইন মহাবিদ্যালয় ছাত্র একতা সভা, গুৱাহাটী বিশ্ববিদ্যালয়।
    গ) সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ সদস্য (আছু)
    ঘ) সাধাৰণ সম্পাদক (১৯৬১-৬২ চন) শিৱসাগৰ মহাবিদ্যালয় ছাত্র একতা সভা, জয়সাগৰ।

    সাংবাদিকতাঃ-
    ক) মহাজাতি বাতৰি কাকতত তিনিবছৰ সংবাদদাতা
    খ) ‘নতুন অসমীয়া কাকত।
    গ) কলিকতাৰ পৰা প্রকাশিত ‘হিন্দুস্তান স্টেগ্ডার্ডৰ শিৱসাগৰ সংবাদদাতা।
    ঘ) PTI (Press Trust of India) ব শিৱসাগৰ জিলাৰ সাংবাদিক।
    ঙ) সাপ্তাহিক জনমভূমি।
    চ) ১৯৭২-২০১৭ লৈকে যােবহাটৰ পৰা প্রকাশ পােৱা দৈনিক জনমভূমি’ কাকতত শিৱসাগৰ সংবাদদাতা
    ছ) শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক (১৯৭৩, ১৯৭৪, ১৯৭৫, ১৯৯৭, ১৯৯৯, ২০০১) হিচাপে কার্যনির্বাহ
    জ) ১৯৯৩ চনত ‘কনক চন্দ্র শর্মা সোঁৱৰণী সাংবাদিক বটাঁ লাভ আৰু ‘ডিব্রগড়ৰ ৰাধাগােবিন্দ বৰুৱা স্মৃতিৰক্ষা সমিতিয়ে প্রদান কৰা বটাঁ লাভ।
    ঝ) অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ। (সাংবাদিক হিচাপে)।
    ঞ) আকাশবাণী ডিব্রুগড় (All India Radio) ।

    আন্দোলনঃ-
    ক) অসম আন্দোলন।
    খ) ভাষা আন্দোলন।
    গ) শােধনাগাৰ আন্দোলন।
    ঘ) খাদ্য আন্দোলন।
    ও) ভাৰত-চীন যুদ্ধৰ সময়ত আর্মীৰ সৈতে গাঁরে-গাঁরে গৈ জনতাক সহায় কৰিছিল।

    Photo Credit: @sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং