12.5 C
Guwahati
Saturday, January 29, 2022
More

    খাৰঘূলিত প্ৰকৃতিয়ে প্ৰাণ কাঢ়ি নিলে প্ৰতিভাধৰ প্ৰিয়ংকাৰ

    উল্লেখযোগ্য যে ২০১৫ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাত প্ৰিয়ংকাই সংগীত বিভাগত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল

    মহানগৰীৰ খাৰঘূলীত পুৱাই বিধ্বংসী ৰূপ দেখালে প্ৰকৃতিয়ে। প্ৰকৃতিয়ে প্ৰাণ কাঢ়ি নিলে প্ৰতিভাধৰ প্ৰিয়ংকাৰ।

    পুৱা প্ৰায় ৬.৩০ মান বজাত সংঘটিত হয় এক ভয়ানক ভুমিস্খলন। সেই ভুমিস্খলনতেই অকালতে প্ৰাণ হেৰুৱাই নিত্যত পাকৈত ২১ বছৰীয়া প্ৰিয়ংকা বড়োৱে।

    পুৱা শুই উঠি ঘৰৰ সকলোৰে বাবে চাহ বনাই থাকোতেই সংঘটিত হয় এই মৰ্মান্তিক ঘটনাতো।

    পাহাৰৰ পৰা খহি অহা গছ-গছনি আৰু মাটিয়ে হেচা মাৰি ধৰে প্ৰিয়ংকাক।

    লগে লগে একাংশ স্থানীয় লোকৰ তৎপৰতাত প্ৰিয়ংকাক উদ্ধাৰ কৰা হৈছিল যদিও ইতিমধ্য মৃত্যুক সাবটিছিল মেধাৱী ছাত্ৰীগৰাকীয়ে৷

    মাত্ৰ দুটা দিন পূৰ্বে কাহিলীপাৰাত ৬ ঘণ্টা ঘৰি মাটিত পোত খাই থকাৰ পিছত সুকলমে উদ্ধাৰ কৰা হৈছিল ভৰত কলিতাক আৰু একেখন ঘৰৰে উষা বৰা নামৰ এগৰাকী মহিলাই হায়াত হাস্পতালত অকাল মৃত্যুক সাবটি লৈছিল।

    আৰু তাৰ পিছতে আজি পুৱা দেওবাৰে খাৰঘূলিৰ হিৰিম্বাপুৰত প্ৰাণ গ’ল গুৱাহাটী কলেজত ৬ ষান্মাষিকত অধ্যয়ন কৰা প্ৰিয়ংকাৰ।

    উল্লেখযোগ্য যে ২০১৫ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাত প্ৰিয়ংকাই সংগীত বিভাগত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল।

    সত্ৰীয়া, ভাৰতীয় শাস্ত্ৰীয় নৃত্য, আন বহুতো লোক নৃত্য লগতে বিহুত পাৰ্গত আছিল প্ৰিয়ংকা৷

    জুলাই মাহত লণ্ডনলৈ নৃত্য কৰিবলৈ যোৱাৰ কথা আছিল প্ৰিয়ংকাৰ কিন্তু লকডাউনৰ বাবেই যাব নোৱাৰিলে। সপোন পূৰণ নহ’ল প্ৰিয়ংকাৰ।

    আনহাতে প্ৰিয়ংকাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং